গছৰ পাতে পাতে আল্লাহৰ নাম! বিজ্ঞান–প্ৰযুক্তিৰ যুগত এয়া অলৌকিক নে অন্ধবিশ্বাস?

Sanjay Kumar Das | News18-Assam
Updated:November 29, 2019, 12:25 PM IST
গছৰ পাতে পাতে আল্লাহৰ নাম! বিজ্ঞান–প্ৰযুক্তিৰ যুগত এয়া অলৌকিক নে অন্ধবিশ্বাস?
পূৰ্বেও ৰাজ্যত গণেশে গাখীৰ খোৱা, তুলসী গছে পানী খোৱাৰ দৰে ধৰণৰ ঘটনা ঘটিছে। সঁচাকৈ এয়া অলৌকিক নে অন্ধবিশ্বাস?

পূৰ্বেও ৰাজ্যত গণেশে গাখীৰ খোৱা, তুলসী গছে পানী খোৱাৰ দৰে ধৰণৰ ঘটনা ঘটিছে। সঁচাকৈ এয়া অলৌকিক নে অন্ধবিশ্বাস?

  • News18 Assam
  • Last Updated: November 29, 2019, 12:25 PM IST
  • Share this:
গছৰ পাতে পাতে আল্লাহ। বৃহস্পতিবাৰে (২৮ নৱেম্বৰ, ২০১৯) সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আল্লাহৰ আৰ্বিভাৱৰ বাতৰিয়ে সৃষ্টি কৰিলে চাঞ্চল্যৰ। গছৰ পাতত আল্লাহৰ নাম দেখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত সৃষ্টি হয় কৌতুহলৰ। নগাঁৱৰ বঢ়মপুৰ আৰু চামগুৰিত আল্লাহৰ আবিৰ্ভাৱ হোৱাৰ বাতৰিয়ে সৃষ্টি কৰিলে ব্যাপক কৌতুহলৰ। গছৰ পাতে পাতে আল্লাই লিখিছে পবিত্ৰ কোৰাণৰ বাণী!

লগে লগে বনজুইৰ দৰে বিয়পি পৰিল এই খবৰ। একাংশই ফটো তুলি আপলোড কৰিলে ছচিয়েল মিডিয়াত। আল্লাহৰ দৰ্শনৰ বাবে ভিৰ কৰিলেহি ইছলাম ধৰ্মীয় লোকসকলে। হাতে হাতে টৰ্চ লাইট লৈ নিশাৰ আন্ধাৰত আল্লাহৰ বাণী চাবলৈ আহিল বহু লোক।



সেইদৰে নগাঁও, তেজপুৰৰ পিছত হাজোৰ পৰাও আহিল গছৰ পাতে পাতে আল্লাহৰ বাণী লিখাৰ বাতৰি। বৃহস্পতিবাৰে নিশাৰ ভাগত হাজোৰ বৰ্ণি, চৰাবড়ি, ৰামদিয়া, দামপুৰ, কুৰিহা, শনিয়াদি আদি অঞ্চলৰ গছৰ পাতসমূহত দেখা পোৱা গৈছে একেই দৃশ্য। এই দৃশ্য চাবলৈ হেতা–ওপৰা ৰাইজৰ মাজত। বহুতৰ মতে এয়া আল্লাহৰ কুদৰত আৰু মহিমা। একাংশই আকৌ ক’লে – ‘আল্লাহে যি ইচ্ছা তাকেই কৰিব পাৰে। কি হ’বলৈ গৈ আছে একো নাজানো।’

তেজপুৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলৰ ভোমোৰাগুৰি, ভোজখোৱা, বাটামাৰী, দোলাবাৰী, পাঁচমাইল, তিনিমাইল, কুৰকানি, নপাম, শলমৰা, ডিপোটা, বেছেৰীয়া অঞ্চলতো একেই দৃশ্য। তামোল, নাৰিকল, কলগছ, লাউ-জিকা আদি গছৰ পাতত ৰাইজে প্ৰত্যক্ষ কৰিলে এই দৃশ্য। সকলোতে আল্লাহৰ আবিৰ্ভাৱ! দৰ্শন কৰিবলৈ ৰাইজৰ ভিৰ।



কিন্তু এয়া সঁচাকৈ আল্লাহৰ বাণী নেকি! পূৰ্বেও ৰাজ্যত গণেশে গাখীৰ খোৱা, তুলসী গছে পানী খোৱাৰ দৰে ধৰণৰ ঘটনা ঘটিছে। সঁচাকৈ এয়া অলৌকিক নে অন্ধবিশ্বাস?

NEWS18 অসমৰ হাতত পৰা তথ্য অনুসৰি, এয়া ৰুগছ স্পাইৰেলিং হোৱাইট ফ্লাই নামৰ এবিধ পোকৰ আক্ৰমণহে। জৈৱ বৈচিত্ৰৰ বাবে তীব্ৰ ভাবুকি। ফ্লৰিডা, আমেৰিকাৰ পিছত ভাৰততো দেখা গৈছে এই পোকবিধ। জুলাইত আটলাণ্টিক মহাসাগৰ পাৰ হৈ আফ্ৰিকা মহাদেশৰ ওপৰেৰে কেৰালাত সোমাই পোকবিধে।

নাৰিকল, তামোল, কলগছ আদিৰ লগতে বিভিন্ন গছৰ লগতে শাক–পাচলিতো আক্ৰমণ কৰে এই পোকবিধে। গছত আক্ৰমণ কৰে। লাহে লাগে মৰি যাবলৈ ধৰে গছজোপা। সাধাৰণতে পাতৰ তলৰ ফালে থাকে এই পোকটো। সিহঁতৰ দেহৰ পৰা উৎপন্ন হয় এটা বগা বগা পাউদাৰ। যি পাউদাৰ গছৰ পাতত লাগি ধৰি এক বিশেষ ধৰণৰ নক্সাৰ আকাৰ লয়।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি