உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাজিৰাত পুনৰ ডাইনী কাণ্ড, অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এজনক হত্যাৰ অপচেষ্টা

    নাজিৰাত পুনৰ ডাইনী কাণ্ড, অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এজনক হত্যাৰ অপচেষ্টা

    ঘটনাৰ লগত জড়িত পাঁচ যুৱকক ইতিমধ্যে বিহুবৰ আৰক্ষীৰ আটক কৰিছে।আটকাধীন যুৱক কেইজন ক্ৰমে গোবিন চাউৰা,আনন্দ চাউৰা,ৰাজু চাউৰা,অনিল চাউৰা,শিৱা চাউৰা।

    • Share this:
    অন্ধবিশ্বাস আৰু কুসংস্কাৰ বাবে এতিয়াও অব্যাহত আছে সমাজত ডাইনীৰ কু–ব্যাধি ৷ বৰ্তমান উন্নত সমাজ ব্যৱস্থাতো এচাম লোকে বিশ্বাস কৰে এই অন্ধবিশ্বাস ৷ ডাইনীৰ সন্দেহত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বিহুবৰত  হত্যাৰ অপচেষ্টা চেলালে এজন ব্যক্তিক। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো আজিও এচাম লোকে বিশ্বাস কৰি আহিছে ডাইনী সম্পৰ্কীয় ঘটনা।

    ডাইনীৰ সন্দেহত বাদল চাউৰা নামৰ লোক জনক গাঁৱৰে কেইজনমান যুৱকে হত্যাৰ চেষ্টা চলাই।  যুৱক কেইজনৰ উপযুপৰি প্ৰহাৰত বাদল চাউৰাক গুৰুতৰভাৱে আহত হয়।ডাইনীৰ সন্দেহৰ বলি হোৱা বাদল চাউৰাক বৰ্তমান সংকটজনক অৱস্থাত জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
    ইতিমধ্যে ঘটনাৰ লগত জড়িত পাঁচ যুৱকক ইতিমধ্যে বিহুবৰ আৰক্ষীৰ আটক কৰিছে।আটকাধীন যুৱক কেইজন ক্ৰমে গোবিন চাউৰা,আনন্দ চাউৰা,ৰাজু চাউৰা,অনিল চাউৰা,শিৱা চাউৰা। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিহুবৰ আৰক্ষীয়ে।
    First published: