অন্ধবিশ্বাস! কলৰ ভূঁৰত উঠাই নৈত উটুৱাই দিলে মৃত কণমানিক

News18-Assam
Updated:June 11, 2019, 4:00 PM IST
অন্ধবিশ্বাস! কলৰ ভূঁৰত উঠাই নৈত উটুৱাই দিলে মৃত কণমানিক
পৰিয়ালৰ লগতে একাংশ গাঁওবাসীৰ মত – নিষ্পাপ পূজা নাথ তাহানিৰ বেউলা–লক্ষীন্দৰৰ ঘটনাৰ দৰেই পুনৰজীৱিত হৈ উভতি আহিব পাৰে ঘৰলৈ।

পৰিয়ালৰ লগতে একাংশ গাঁওবাসীৰ মত – নিষ্পাপ পূজা নাথ তাহানিৰ বেউলা–লক্ষীন্দৰৰ ঘটনাৰ দৰেই পুনৰজীৱিত হৈ উভতি আহিব পাৰে ঘৰলৈ।

  • Share this:
ধুবুৰী জিলাৰ চাপৰ থানা তথা চান্দৰডিঙা আৰক্ষী চকীৰ অন্তৰ্গত অতি দুৰ্গম শিলডাঙা গাঁও। গাঁওখনত দুগৰাকী কন্যা সন্তানেৰে বিমল নাথ আৰু তেজীমলী নাথৰ সুখৰ সংসাৰ। শুকুৰবাৰে পৰিয়ালটোলৈ হঠাতে নামি আহিল ঘোৰ অমানিশা। দৰিদ্ৰ পৰিয়াটোৰ পঁজা ঘৰটোৰ ভিতৰতে ম’বাইল ফোনত গীত শুনি থকা অৱস্থাত সৰ্পই দংশন কৰে বিমল নাথৰ পাঁচ বছৰীয়া কন্যা পূজা নাথক। এই ঘটনাত পৰিয়ালটোৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। কবিৰাজৰ দ্বাৰা চলিল জৰা–ফুকা। পৰৱৰ্তী সময়ত শিশুটি ক্ৰমাৎ অধিক অসুস্থ হৈ পৰে। দুৰ্গম এলেকা হোৱা বাবে বহু পলমকৈ এখন বাহন যোগাৰ কৰি অতি কষ্টেৰে বঙাইগাঁও জিলাৰ লৱাৰ আছাম হাস্পতালত ভৰ্তি কৰে পূজা নাথক। কিন্তু হাস্পতালত পূজা নাথক মৃত ঘোষণা কৰে চিকিৎসকে।

পূজাৰ মৃতদেহ লৈ যোৱা হ’ল শিলডাঙা গাঁৱলৈ। তাতেই আৰম্ভ হ’ল অন্ধবিশ্বাসৰ আন এক কাহিনী। পৰিয়ালৰ লগতে একাংশ গাঁওবাসীৰ মত – নিষ্পাপ পূজা নাথ তাহানিৰ বেউলা–লক্ষীন্দৰৰ ঘটনাৰ দৰেই পুনৰজীৱিত হৈ উভতি আহিব পাৰে ঘৰলৈ। এই অন্ধবিশ্বাসৰ বলি হৈ পৰিয়ালৰ লগতে গাঁওবাসীয়ে পূজা নাথৰ মৃতদেহ লৈ উপস্থিত হয় গাঁওখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত। মৃত শিশুটিক গা–পা ধুৱাই পিন্ধালে ফুলৰ মালা। তাৰ পিছত ধুপ–ধূনা জ্বলাই কণমানিটিৰ নাম–ঠিকনা লিখি সু–সজ্জিত কলৰ ভূঁৰত ব্ৰহ্মপুত্ৰৰ সোঁতত উটুৱাই দিয়ে ৰাইজে। সকলোৰে আশা, কোনো কবিৰাজে পালে কণমানিটিক জৰা–ফুকা কৰি পুনৰজীৱিত কৰি তুলিব।



সততে উন্নয়নৰ শ্লোগান আওঁৰাই থকা ৰাজ্য চৰকাৰৰ উন্নয়নৰ এয়া এক জ্বলন্ত নমুনা। যদিহে অঞ্চলটোত বাট–পথৰ অৱস্থা উন্নত হ’লহেঁতেন, কণমানি পূজা নাথে হয়তো মৃত্যুক সাবটি ল’বলগা নহ’লহেঁতেন বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে। আনহাতে, বিজ্ঞান–প্ৰযুক্তি বিদ্যাৰ যুগতো আজিও একাংশ লোক যে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত বন্দী সেয়া প্ৰমাণ কৰিছে এই ঘটনাই
First published: June 11, 2019, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি