অসম পৰ্যটন ব'ৰ্ডৰ সহযোগত ছানৰাইছ পিউৰে অসমৰ সাংস্কৃতিকভাৱে সমৃদ্ধ জিলাসমূহত ভ্ৰমণ ব্লগৰে ইতিহাস আৰু ৰন্ধনপ্ৰণালী উদযাপন কৰিব। এই ভ্ৰমণ ব্লগৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অসমবাসীৰ সন্মুখত পৰম্পৰাগত সদ্যসম্ভাৰ দাঙি ধৰিব।
বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠানত এ টি ডি চিৰ উপাধ্যক্ষ দিলীপ দাস, এ টি ডি চিৰ কনচাল্টটেণ্ট পাৰ্থ প্ৰতিম দাস, জ্যেষ্ঠ প্ৰবন্ধক নিৰেন চন্দ্ৰ দাস, এ টি ডি চিৰ প্ৰবন্ধক ভাস্কৰ বৰুৱা, ৰেড এফ এমৰ ক্লাছটাৰ হেড মনোজ সোমে, অভিনেত্ৰী অমৃতা গগৈ, ৰেড এফ এমৰ আৰ জে পাহি আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৱাণ্ডাৰ আছাম অভিযানৰ জৰিয়তে অসমৰ কলা-কৃষ্টি, সংস্কৃতি আৰু অসমৰ পৰম্পৰাগত খ্যাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব। নদীদ্বীপ, বন্যপ্ৰাণী, অভয়াৰণ্য, চাহ বাগানৰ লগতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অন্তৰ্ভুক্ত হব অসমৰ পৰম্পৰাগত কলা- কৃষ্টি, সংস্কৃতি।
এইসমূহৰ ভিতৰত আছে নদীদ্বীপ, বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাহ বাগিচা, অন্যান্য। এই অভিযানৰ অংশ হিচাপে অভিনেত্ৰী গগৈয়ে ভিডিঅ'ৰ জৰিয়তে ৯ টা অঞ্চলৰ জীৱন্ত ইতিহাস আৰু কলা-সংস্কৃতি ৰাইজৰ সন্মুখত দাঙি ধৰিব। প্ৰদৰ্শন হ'বলগীয়া অঞ্চলসমূহৰ ভিতৰত আছে বিশেষভাবে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী, শিৱসাগৰৰ আইকনিক শিৱদৌল, শিৱসাগৰ লে'ক, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চানডুবি লে'ক, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰসিদ্ধ ডিব্ৰুগড় চাহ বাগিচা।
এই ব্লগৰ প্ৰথম খণ্ডটো ১৮ মাৰ্চত সম্প্ৰচাৰিত হ'ব। প্ৰথম খণ্ড সম্প্ৰচাৰিত হোৱাৰ পিছত প্ৰতি শনিবাৰে চানৰাইজ পিউৰৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত হ'ব। এই সন্দৰ্ভত এটিডিচিৰ এ টি ডি চিৰ উপাধ্যক্ষ দিলীপ দাস কয় যে আই টি চি চানৰাইজ পিউৰ মচলাৰ 'ৱণ্ডাৰ আছাম' অভিযানৰ সৈতে জড়িত হোৱাৰ বাবে আমি আনন্দিত। এই সহযোগিতাই অসমৰ লুকাই থকা ৰত্নবোৰৰ গভীৰতা আৰু অসমৰ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে বিশ্বৰ বুকুত উজলি উঠিব।
এই পদক্ষেপ সন্দৰ্ভত আই টি চি লিমিটেডৰ চানৰাইজ ব্যৱসায়িক মুৰব্বী পীয়ূষ মিশ্ৰাই কয় যে অসম আমাৰ গৃহ, আৰু আমি ৰাজ্যখনৰ ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য,পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু পৰম্পৰাগত কলা-সংস্কৃতি উদযাপন কৰি আহিছো। অসমৰ সৌন্দৰ্য আৰু পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন কৰি অসমবাসীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 17:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।