শোণিতপুৰত মাকৰ কোলাৰ পৰা উটি যোৱা ডেৰ বছৰীয়া কণমানিৰ মৃতদেহ উদ্ধাৰ

দেওবাৰে শোণিতপুৰত ২ সন্তানসহ নৈত উটি গৈছিল এগৰাকী মহিলা। এটি কিশোৰে সাহসিকতাৰ পৰিচয় দি ৰক্ষা কৰিছিল মহিলাগৰাকী আৰু এটি শিশুক

News18-Assam
Updated:July 8, 2019, 11:22 AM IST
শোণিতপুৰত মাকৰ কোলাৰ পৰা উটি যোৱা ডেৰ বছৰীয়া কণমানিৰ মৃতদেহ উদ্ধাৰ
দেওবাৰে শোণিতপুৰত ২ সন্তানসহ নৈত উটি গৈছিল এগৰাকী মহিলা। এটি কিশোৰে সাহসিকতাৰ পৰিচয় দি ৰক্ষা কৰিছিল মহিলাগৰাকী আৰু এটি শিশুক
News18-Assam
Updated: July 8, 2019, 11:22 AM IST
অৱশেষত উদ্ধাৰ হ’ল শোণিতপুৰৰ দীঘলজুলি নৈত উটি যোৱা কণমানিটিৰ মৃতদেহ। সোমবাৰে পুৱা স্থানীয় লোকে নৈত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পিছত কৰুণ ভাবে মৃত্যুক সাৱটি লোৱা শিশুটিৰ মৃতদেহ নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। দেওবাৰে দীপিকা তাঁতী নামৰ এগৰাকী মহিলা দুৰ্ভাগ্য ক্ৰমে ২ সন্তানসহ নৈত উটি গৈছিল। পিছত নৈত মহিলাগৰাকীয়ে চটফটাই থকা দেখা পাই স্থানীয় এটি কিশোৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ নৈত জাপ দিয়ে, পিছত কিশোৰ জনে সাহসিকতাৰ পৰিচয় দি মাহিলাগৰাকীৰ লগতে এটি শিশুক উদ্ধাৰ কৰে যদিও আনটি কণমানি দুৰ্ভাগ্য বশতঃ উটি গৈছিল দীঘলজুলি নৈৰ সোঁতত। পিছত বহু চেষ্টা চলোৱাৰ পিছতো উদ্ধাৰ হোৱা নাছিল কণমানিটি।শিশুটিক উদ্ধাৰৰ বাবে SDRFৰ দলেও চলাইছিল অভিযান যদিও ব্য়ৰ্থ হৈছিল। কিন্তু সোমবাৰে পুৱা আজি পুৱাৰ ভাগত একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিছে। পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি