মাজুলীৰ ইতিহাসত নজিৰবিহীন ঘটনা, প্ৰথমবাৰৰ বাবে ন্যায়ালয়ৰ কাঠগড়াত থিয় হ’ব লাগিব সত্ৰাধিকাৰ

ঐতিহাসিক দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীলৈ চমন জাৰি কৰিছে ন্যায়ালয়ে।

News18-Assam
Updated:September 6, 2019, 1:41 PM IST
মাজুলীৰ ইতিহাসত নজিৰবিহীন ঘটনা, প্ৰথমবাৰৰ বাবে ন্যায়ালয়ৰ কাঠগড়াত থিয় হ’ব লাগিব সত্ৰাধিকাৰ
ঐতিহাসিক দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীলৈ চমন জাৰি কৰিছে ন্যায়ালয়ে।
News18-Assam
Updated: September 6, 2019, 1:41 PM IST
মাজুলীৰ ইতিহাসত নজিৰবিহীন ঘটনা। মাজুলীৰ সত্ৰাধিকাৰলৈ আহিল ন্যায়ালয়ৰ চমন। প্ৰথমবাৰৰ বাবে ন্যায়ালয়ৰ কাঠগড়াত থিয় হ’ব লাগিব সত্ৰাধিকাৰ। ঐতিহাসিক দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীলৈ চমন জাৰি কৰিছে ন্যায়ালয়ে। ১১ ছেপ্টেম্বৰত সত্ৰাধিকাৰগৰাকীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰশান্ত পায়েং নামৰ এজন লোকে সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। মাজুলীত খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই গোচৰ ৰুজু কৰা হৈছিল সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে। মাজুলীত খ্ৰীষ্টানবিৰোধী আন্দোলন গঢ়ি তুলিছিল সত্ৰাধিকাৰগৰাকীয়ে। এনে কাৰণতে ন্যায়ালয়ৰ চমন পোৱা বুলি মন্তব্য শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি