বিবাহপাশত আবদ্ধ হ’ল শুকুৰ আলী। সোমবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে সততে ছচিয়েল মিডিয়াত চৰ্চাত থকা শুকুৰ আলীয়ে।
বিবাহপাশত আবদ্ধ হ’ল শুকুৰ আলী। সোমবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে সততে ছচিয়েল মিডিয়াত চৰ্চাত থকা শুকুৰ আলীয়ে।
বিয়াঘৰত উখল–মাখল পৰিৱেশ। সকলো ব্যস্ত। কোনোবাই যদি ৰান্ধিছে, কোনোবাই আকৌ আমন্ত্ৰিত অতিথিক আপ্যায়ন কৰিছে। কোনোবা যদি কামত ব্যস্ত, কোনোবা আকৌ কথাৰ মহলাত। মুঠতে অন্তহীন ব্যস্ততা। মানুহৰ ভিৰ।
সকলোৱে অপেক্ষা কৰিছে দৰাৰ বাবে। দৰা নাহেহে নাহে, অৱশেষত আহিল। দৰা আহিল। নাকত ৰুমাল লৈ গাড়ীৰ পৰা নামিল দৰা। হয় সেইজনেই। দৰাৰ নাম শুকুৰ আলী। সততে ছচিয়েল মিডিয়াত চৰ্চিত শুকুৰ আলী।
বিবাহপাশত আবদ্ধ হ’ল শুকুৰ আলী। সোমবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে সততে ছচিয়েল মিডিয়াত চৰ্চাত থকা শুকুৰ আলীয়ে। সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি–নীতিৰে সম্পন্ন হ’ল শুকুৰ আলীৰ বিয়া।
কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱত শুকুৰৰ কইনা। সপিক মিঞাৰ কন্যা সমিনা খাতুনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে শুকুৰে। সমাজক সাক্ষী কৰি ইছলাম ধৰ্মীয় ৰীতি–নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শুকুৰ। প্ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিবলৈ আগবাঢ়ি অহা শুকুৰে কিন্তু বিয়াৰ দিনা কোনো মন্তব্য নকৰিলে সংবাদ মাধ্যমৰ আগত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|