গুৱাহাটীৰ আকাশত উৰিল যুদ্ধ বিমান Sukhoi 30, কিহৰ বাবে এই সমৰসজ্জা?

গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে দেখা গ’ল দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত sukhoi 30ৰ অনুশীলন। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ১ মে’ৰ পৰা অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনাই।

news18assam
Updated:May 3, 2019, 12:17 PM IST
গুৱাহাটীৰ আকাশত উৰিল যুদ্ধ বিমান Sukhoi 30, কিহৰ বাবে এই সমৰসজ্জা?
গুৱাহাটীৰ আকাশত প্ৰথমবাৰলৈ উৰিল যুদ্ধ বিমান Sukhoi 30
news18assam
Updated: May 3, 2019, 12:17 PM IST
গুৱাহাটীৰ আকাশত উৰিল যুদ্ধ বিমান Sukhoi 30। বায়ুসেনাৰ ঘাটিত চলিল sukhoi 30ৰ অনুশীলন। Russiaত নিৰ্মিত Sukhoi 30ৰে অনুশীলন চলোৱা দেখা গ’ল গুৱাহাটীৰ আকাশত। চুবুৰীয়া ৰাষ্ট্ৰৰ অহৰহ ভাবুকি অহাৰ সময়তে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ স্পৰ্শকাতৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে দেখা গ’ল দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত sukhoi 30ৰ অনুশীলন। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ১ মে’ৰ পৰা অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনাই। যিকোনো মুহূৰ্তত শত্ৰুক প্ৰতিহত কৰিবৰ বাবে দেশৰ বিভিন্ন ঠাইত ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গত চলাইছে অনুশীলন। অসমৰ গুৱাহাটী, মিজোৰামৰ আইজল, পশ্চিমবংগৰ কলকাতা আৰু দুৰ্গাপুৰত যুদ্ধ বিমানেৰে অনুশীলন চলালে বায়ুসেনাই।

উল্লেখ্য যে চুবুৰীয়া ৰঙা চীনৰ অহৰহ ভাবুকি থকাৰ কথা স্বীকাৰ কৰিলে ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ শশাংক মিশ্ৰই। চুবুৰীয়া ৰাষ্ট্ৰৰ গতিবিধি বৃদ্ধি পোৱাৰ বাবেই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্বপূৰ্ণ হৈ পৰিছে অত্যাধুনিক যুদ্ধবিমানৰ সমৰসজ্জা। NEWS18ৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত বায়ুসেনাৰ বিষয়াজনে ক’লে এই কথা। গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে দেখা গ’ল দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত sukhoi 30ৰ অনুশীলন। পূৰ্বেও অত্যাধুনিক যুদ্ধ বিমান জগুৱাৰ আৰু হক বিমানৰ অনুশীলন চলা দেখা গৈছিল গুৱাহাটীৰ আকাশত।

আৰু চাওক পৰৱৰ্তী বাতৰি