তেজপুৰত দুৰ্ঘটনাত পতিত ছুখয়–৩০ যুঁজাৰু বিমানৰ ২ পাইলটৰ পৰিচয় লাভ

বৃহস্পতিবাৰে নিশা তেজপুৰত ভূপতিত হয় ছুখয়-৩০ যুঁজাৰু বিমানখন। দুৰ্ঘটনাৰ পিছতে নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন।

News18-Assam
Updated:August 9, 2019, 8:32 AM IST
তেজপুৰত দুৰ্ঘটনাত পতিত ছুখয়–৩০ যুঁজাৰু বিমানৰ ২ পাইলটৰ পৰিচয় লাভ
বৃহস্পতিবাৰে নিশা তেজপুৰত ভূপতিত হয় ছুখয়-৩০ যুঁজাৰু বিমানখন। দুৰ্ঘটনাৰ পিছতে নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন।
News18-Assam
Updated: August 9, 2019, 8:32 AM IST
তেজপুৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা ছুখয়–৩০ যুঁজাৰু বিমানখনত থকা দুই পাইলটৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত সুৰক্ষিতভাৱে বিমানৰ পৰা ওলাই যাবলৈ সক্ষম হৈছিল দুয়োগৰাকী পাইলট। বিমানখন এখন পথাৰত ভূপততি হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় দুয়োগৰাকী পাইলট। আহত পাইলট দুজনৰ নাম হৈছে উইং কমাণ্ডাৰ আই মিশ্ৰ আৰু পি ছন্তৰা। দুয়োজনকে নিশাই তেজপুৰস্থিত সেনা বাহিনীৰ ১৫৫ বেছ হাস্পতালত ভৰ্তি কৰোৱা হয়।

বৃহস্পতিবাৰে নিশা তেজপুৰত ভূপতিত হয় ছুখয়-৩০ যুঁজাৰু বিমানখন। দুৰ্ঘটনাৰ পিছতে নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন। তেজপুৰৰ মিলনপুৰৰ শইকীয়া চুবুৰীৰ সমীপৰ এখন পথাৰত ভূ–পতিত হয় বিমানখন। নিয়মীয়া অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হয় যুঁজাৰু বিমানখন।


দুৰ্ঘটনাৰ পিছত এখন পথাৰত পৰে বিমানখনৰ দুই পাইলট, চাওক দৃশ্য :
আৰু চাওক পৰৱৰ্তী বাতৰি