ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাব ধৰিছে আত্মহত্যাৰ ঘটনা ৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এনে আত্মহত্যাৰ ঘটনা ৷ প্ৰেমত প্ৰতাৰিত, পাৰিবাৰিক অশান্তি, হতাশ অথবা কৰ্মবিমুখিতাৰ বাবেই সাধাৰণতে এনে পথ বাছি লোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
বিশেষকৈ চলিত মাহলৈকে মহানগৰীত সংঘটিত হোৱা আত্মহত্যাৰ পৰিসংখ্যাই উদ্বিগ্ন কৰি তুলিছে মহানগৰ আৰক্ষীক ৷ শনিবাৰে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্তই এক সংবাদমেলযোগে এনে ঘটনাক লৈ চিন্তিত বুলি অৱগত কৰে ৷
মহানগৰ আৰক্ষীৰ তথ্য অনুসৰি, বিগত দহটা বছৰৰ পৰিসংখ্যাৰ তুলনাত এই বছৰৰ ছটা মাহতে অতি ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷ সেই পৰিসংখ্যা অনুসৰি ২০১৩ বৰ্ষত ২২২ টা, ২০১৪ বৰ্ষত ২২০ টা, ২০১৫ বৰ্ষত ২৪১ টা, ২০১৬ বৰ্ষত ২২৭ টা, ২০১৭ বৰ্ষত ২৮৯ টা, ২০১৮ বৰ্ষত ২৮৭টা, ২০১৯ বৰ্ষত ২৫৪ টা, ২০২০ বৰ্ষত ২৭৭টা।
২০২১ বৰ্ষত ৪১৪ টা আত্মহত্যাৰ ঘটনা গুৱাহাটীত সংঘটিত হোৱাৰ উপৰি ২০২১ বৰ্ষত সমগ্ৰ ৰাজ্যত ২৩৯১ টা এনে ঘটনা ঘটিছে ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে এই বৰ্ষত জুলাই মাহলৈকে ৫০০তকৈ অধিক এনে আত্মহত্যাৰ ঘটনা হৈছে মহানগৰীত (Suicides Case Increase in Guwahati) ৷
মহানগৰীত ঘটা এইসমূহ আত্মহত্যাৰ ঘটনা অধিক হাৰত বৃদ্ধি পাইছে দিছপুৰ, জালুকবাৰী, নুনমাটি, বশিষ্ঠ, ফটাশিল থানা এলেকাত ৷ গতিকে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে শনিবাৰে অসম আৰক্ষীয়ে মুকলি কৰিলে দুটাকৈ হেল্পলাইন নম্বৰ ক্ৰমে ৬০২৬৯০০৫৭৪ আৰু ৬০২৬৯০০৫৫২ ৷
কোনো সমস্যা অথবা আনৰ সহায় নোপোৱা যিকোনো লোকে এই নম্বৰত যোগাযোগ কৰি সমাধানৰ পথ উলিয়াব পাৰিব ৷ ফোন কল বা হোৱাটছ এপ মেছেজযোগেও জনাব পাৰিব সকলো কথা ৷ সহায় বিচৰা লোকসকলৰ পৰিচয় গোপনে ৰাখি পাৰ্যমানে সহায় কৰিব মহানগৰ আৰক্ষীয়ে ৷ মহানগৰ আৰক্ষীয়ে আত্মহত্যাৰ ঘটনা ৰোধ কৰিবৰ বাবে হাতত লোৱা এই প্ৰচেষ্টাই কেনেধৰণে সফলতা পায় সেয়া হ'ব লক্ষণীয় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|