বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Nalbari News: উৎকট গৰম, কদমতলৰ চ'ক আৰু এগিলাচ কুহিয়াৰৰ ৰস

Nalbari News: উৎকট গৰম, কদমতলৰ চ'ক আৰু এগিলাচ কুহিয়াৰৰ ৰস

Sugarcane juice vendor in 31NH Nalbari

Sugarcane juice vendor in 31NH Nalbari

এই দোকানসমূহত এতিয়া দিনৰ ভাগত গ্ৰাহকৰ যথেষ্ট ভিৰ ৷ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা বিভিন্নজনে ৰৈ কুহিয়াৰৰ ৰসৰ জুতি লয় কদমতল চ’কত ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

নলবাৰী, ৯ মে’: গৰম পৰিছে ! উৎকট গৰম ৷ গৰমে দহিছে সমগ্ৰ ৰাজ্য ।প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্ৰা ।কেতিয়াবা যদি সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী ছেলছিয়াছ আন কেতিয়াবা আকৌ বৃদ্ধি হৈছে ৩৮ ডিগ্ৰীলৈ । অতিমাত্ৰা ৰ’দৰ তাপৰ মাজতো ব্যস্ততাপূৰ্ণ জীৱন কটাইছে প্ৰতিজনে । স্বাভাৱিকতে গৰমৰ এই সময়চোৱাত চাহিদা বৃদ্ধি হয় নাৰিকলৰ পানী আৰু কুহিয়াৰৰ ৰসৰ ।

বিজ্ঞাপন

গ্ৰীষ্মৰ সময়ত এগিলাচ কুহিয়াৰৰ ৰসে দূৰ কৰে দিনটোৰ অৱসাদ । দেহ শীতল কৰি ৰখাত এই শীতল পনীয় যথেষ্ট সহায়ক হয় । যদিহে আপুনি গুৱাহাটীৰ পৰা নলবাৰী বা বৰপেটালৈ আহে তেন্তে নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ বিভিন্ন স্থানত দেখিবলৈ পাব কুহিয়াৰৰ ৰসৰ দোকান ।

এই দোকানসমূহত এতিয়া দিনৰ ভাগত গ্ৰাহকৰ যথেষ্ট ভিৰ ৷ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা বিভিন্নজনে ৰৈ কুহিয়াৰৰ ৰসৰ জুতি লয় কদমতল চ’কত । এই স্থানত দূৰণিবটীয়া যাত্ৰা কৰা বিভিন্নজনে গছৰ ছাঁত জিৰণি লৈও অৱসাদ দূৰ কৰে ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন