মুখ্যপৃষ্ঠা »খবৰ »অসম »Asian Kho Kho Championship : তামুলপুৰত এছিয়ান খো খো প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'লে সভাপতি সুধাংশু মিট্টালে

Asian Kho Kho Championship : তামুলপুৰত এছিয়ান খো খো প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'লে সভাপতি সুধাংশু মিট্টালে

আজি চতুৰ্থ এছিয়া খো খো খেল প্ৰতিযোগিতাৰ ট্ৰফীও প্ৰদৰ্শন কৰে ৷

আজি চতুৰ্থ এছিয়া খো খো খেল প্ৰতিযোগিতাৰ ট্ৰফীও প্ৰদৰ্শন কৰে ৷

আজি চতুৰ্থ এছিয়া খো খো খেল প্ৰতিযোগিতাৰ ট্ৰফীও প্ৰদৰ্শন কৰে ৷

  • Share this:

বাক্সা জিলাৰ তামুলপুৰত অহা ২০ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ অনুষ্ঠিত হ'ব চতুৰ্থ এছিয়া খো খো চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে (Asian Kho Kho to begin in Tamulpur) ৷ এছিয়া মহাদেশৰ প্ৰায় দহখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় খো খো প্ৰতিযোগিতাখনৰ অগ্ৰগতিৰ বুজ লয় ভাৰতীয় খো খো ফেডাৰেচনৰ সভাপতি সুধাংশু মিট্টাল, সাধাৰণ সম্পাদক এম এছ ত্যাগী, অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (Pramod Boro)৷


তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই খেলখনক লৈ ইতিমধ্যে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহু, খেৰাই, শৰণীয়া, ৰাভা আদি জনগোষ্ঠীয় নৃত্য-গীতেৰে দলটোক আদৰণি জনোৱাৰ পিছত দলটোৱে খেলপথাৰ পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে এখন সংবাদমেলত অংশগ্ৰহণ কৰে প্ৰতিনিধি দলটোৱে৷


ভাৰতীয় খো খো ফেডাৰেচনৰ সভাপতি সুধাংশু মিট্টালে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰস্তুতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে৷ ইফালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সংবাদমেল সম্বোধন কৰি কয় যে তামুলপুৰে এক ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে৷ কাৰণ তামুলপুৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় খেল।


তেওঁ কয় যে তামুলপুৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ এছিয়া খো খো খেল প্ৰতিযোগিতা (4th Asian Kho Kho Championship)ৰ বাবে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বড়োৱে ইয়াৰ দ্বাৰা অঞ্চলটোৰ খেলুৱৈসকলে উৎসাহিত হ'ব বুলি আশা প্ৰকাশ কৰে আৰু সকলোৰে সহযোগিতা কামনা কৰে৷ উল্লেখ্য যে আজি চতুৰ্থ এছিয়া খো খো খেল প্ৰতিযোগিতাৰ ট্ৰফীও প্ৰদৰ্শন কৰে ৷

শেহতীয়া বাতৰি