• Home
  • »
  • News
  • »
  • assam
  • »
  • কিহৰ ইংগিত! হঠাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ সাংঘাটিত পৰিৱৰ্তন, ধুৱলী-কুঁৱলী হৈ পৰিল সকলো...

কিহৰ ইংগিত! হঠাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ সাংঘাটিত পৰিৱৰ্তন, ধুৱলী-কুঁৱলী হৈ পৰিল সকলো...

প্ৰচণ্ড ৰ'দ, উৎকট গৰম তাৰ মাজতে এয়া জলবায়ু পৰিৱৰ্তন নে আন কিবা তাকে লৈ কৌতুহলৰ সৃষ্টি হৈছে।

প্ৰচণ্ড ৰ'দ, উৎকট গৰম তাৰ মাজতে এয়া জলবায়ু পৰিৱৰ্তন নে আন কিবা তাকে লৈ কৌতুহলৰ সৃষ্টি হৈছে।

প্ৰচণ্ড ৰ'দ, উৎকট গৰম তাৰ মাজতে এয়া জলবায়ু পৰিৱৰ্তন নে আন কিবা তাকে লৈ কৌতুহলৰ সৃষ্টি হৈছে।

  • Share this:
এয়া কিহৰ ইংগিত?  হঠাৎ দেওবাৰে বিয়লি ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড়ত  দেখা গ'ল বতৰৰ সাংঘাতিক পৰিৱৰ্তন। দিনৰ ১ বজাৰ পৰা হঠাৎ ধুৱলী-কুঁৱলী আন্ধাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়।

প্ৰচণ্ড ৰ'দ, উৎকট গৰম তাৰ মাজতে এয়া জলবায়ু পৰিৱৰ্তন নে আন কিবা তাকে লৈ কৌতুহলৰ সৃষ্টি হৈছে। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দুপৰীয়াৰে পৰা  হঠাৎ দেখা গ'ল  সাংঘাতিক বতৰৰ পৰিৱৰ্তন ৷ কোনোদিনে নোহোৱা নোপোজা ঘটনাৰ সাক্ষী হ'ল  বহুলোক ৷ ফলত আতংকিত হৈ পৰে ৰাইজ ৷



মূৰৰ ওপৰত প্ৰখৰ ৰ’দ , উৎকট গৰম ,কিন্তু পথে পথাৰে এক ধুৱলী কুৱঁলীময় পৰিবেশ ৷ এয়া কিহৰ আগজাননী ক'ব পাৰিব বতৰ বিজ্ঞানী সকলেহে ৷ কিন্তু মানুহৰ মাজত সৃষ্টি হৈছে উৎসুকতাৰ ৷ আতংকগ্ৰস্ত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

কাৰণ বৰ্তমান অক্টোবৰ মাহটো গৰমে দহিছে ৰাজ্যক। ৩০ পৰা ৩৬ ডিগ্ৰী চেলচিয়াচ পৰ্যন্ত হৈছে তাপমাত্ৰা। আৰু তেনেসময়তে বতৰৰ এনে অস্বাভাৱিক পৰিৱৰ্তনে স্বাভাৱিকতে আতংকিত কৰিছে সৰ্ব-সাধাৰণক।
Published by:Himangshu Bhuyan
First published: