চৰাইদেউ জিলাৰ সোণাৰিত গুণোৎসৱৰ তৃতীয় দিনা এক শোকাৱহ ঘটনা সংঘটিত হৈছে। চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী শিক্ষাখণ্ডৰ অন্তগৰ্ত লংপতীয়া অঞ্চলৰ ৩৪৯ নং চাওৰঙ্গাবান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লাচিত বড়াৰ উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ আকস্মিক দেহাৱসান ঘটো (Teacher Death at Sonari)।
উল্লেখযোগ্য যে এজনীয়া শিক্ষকে পৰিচালনা কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ আকস্মিক বিয়োগত গুণোৎসৱ (Gunotsav) অনুষ্ঠিত কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত অন্য বিদ্যালয়ৰ শিক্ষক আনি চৰকাৰী নিৰ্দেশনা অনুসৰি শোকৰ পৰিৱেশৰ মাজতে অনুষ্ঠিত কৰা হৈছে গুণোৎসৱ।