জনতা ভৱনৰ বৈঠকত স্বাস্থ্যখণ্ডক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
জনতা ভৱনৰ বৈঠকত স্বাস্থ্যখণ্ডক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী কেশৱ মহন্তৰ (Keshab Mahanta) উপস্থিতিত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এক বিস্তৃত পৰ্যালোচনা কৰে । বৈঠকত অসম ছেকেণ্ডাৰী স্বাস্থ্য সেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প (Health Care System Reform Project), ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ কামৰ অগ্রগতি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) আৰু প্ৰস্তাৱিত কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনি সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে ৰাজ্যখনত ছেকেণ্ডাৰী স্বাস্থ্য সেৱা প্ৰণালী শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানগত সংস্কাৰৰ লগতে সকলো আন্তঃগাঁথনি বিকাশ কৰা । এই লক্ষ্যৰে চৰকাৰে তামুলপুৰত এখন মাতৃ আৰু শিশু সেৱা চিকিৎসালয়, সমগ্ৰ অসমৰ পাঁচটা স্থানত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত অভিযান (ayushman bharat abhiyan)ৰ অধীনত ৫০খন বিছনাযুক্ত চিকিৎসালয়, শুৱালকুছিত ১০০খন বিছনাযুক্ত চিকিৎসালয় আৰু জিলা চিকিৎসালয়ৰ অংশ হিচাপে বিকশিত হ'ব লগা উচ্চ মানৰ জি এন এম নাৰ্ছিং স্কুল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে বৈঠকত সদৰী কৰে ।
মঙলবাৰৰ বৈঠকত ৰোগীসকলৰ বাবে চিকিৎসা সম্বন্ধীয় প্ৰণালী অসুবিধামুক্ত কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ত অ' পি ডিৰ বাবে অনলাইন বুকিং আৰু জৰুৰীকালীন কেছৰ বাবে উপযুক্ত পার্কিং সুবিধাৰ সৈতে গ্ৰীন কৰিড’ৰ খোলাৰ বাবে নিৰ্দেশনা প্রদান কৰে মুখ্যমন্ত্ৰীয়ে৷ লগতে মুখ্যমন্ত্রীয়ে (CM Himanta Biswa Sarma) নৱগঠিত জিলাসমূহত ৫খন জিলা চিকিৎসালয়ৰ চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । তদুপৰি কৰ্কট ৰোগ, মধুমেহ, কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ আৰু ষ্ট্ৰ’ক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোচনা কৰে ৷
মুখ্যমন্ত্রীয়ে কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনি ৰূপায়ণৰ খচৰা পৰ্যালোচনা কৰোঁতে সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তেওঁলোকৰ চিকিৎসা বিল পোনপটীয়াকৈ চিকিৎসা বিল আপলোড কৰি জমা দিব পৰাকৈ প’র্টেল আধাৰিত জমা ব্যৱস্থাৰ প্রৱর্তন কৰিবলৈ নিৰ্দেশনা দিয়ে ৷
নতুন প্ৰণালীৰ অধীনত, অটল অমৃত অভিযান ছ'চাইটী (Atal Amrit Abhiyan Society)ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত একক গ্ৰহণযোগ্যতাৰ পৰিষদ গঠন হ’ব বুলি বৈঠকত সদৰী কৰে মুখ্যমন্ত্ৰীয়ে । উক্ত চি ই অ’ কাৰ্যালয়ে উচ্চ প্ৰযুক্তিগত প্রক্রিয়াৰে ‘ফেচলেছ’ভাৱে প্রমাণীকৰণ আৰু অন্য প্রয়োজনীয় প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে ৷ লগতে বিভাগটোক এটা প'ৰ্টেল বিকশিত কৰিবলৈ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসহ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুস্থিৰ অভিজ্ঞতাৰ নিশ্চয়তাৰে উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্ৰী ড° শৰ্মাই সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায় ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|