• Home
  • »
  • News
  • »
  • assam
  • »
  • Student Anand Sarma : সফলতাৰে সম্পন্ন আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ, চিকিত্‍সকক ধন্যবাদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

Student Anand Sarma : সফলতাৰে সম্পন্ন আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ, চিকিত্‍সকক ধন্যবাদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

  • Share this:
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হৈছে। ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোম কৰ্তৃপক্ষই সদৰী কৰা মতে বিশেষজ্ঞ চিকিৎসক ডাঃ পান্নালালৰ নেতৃত্বত অস্ত্রোপচাৰ সুকলমে সম্পন্ন হয়।

এই বিষয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও টুইট কৰি জনাই যে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে।



উল্লেখ্য, আজি পুৱা ১০ বজাত এই জটিল অস্ত্রোপচাৰৰ বাবে সাজু হৈছিল চিকিত্‍সকলৰ দলটো। ছাত্ৰজনে ৰাজহাড়ৰ কেইবাঠাইতো গুৰুতৰ আঘাত পাইছিল আৰু এনে পৰিস্থিতিত তেওঁক আন ঠাইলৈ নিয়াটো সমীচীন বুলি গণ্য কৰা হোৱা নাছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত (DU Ragging Incident) জড়িতৰ অভিযোগত ইতিমধ্যে কেইবাগৰাকীও ছাত্ৰক বহিষ্কাৰ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষানুষ্ঠানখনৰ প্ৰশাসনে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি