মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam HSLC Result 2023: কেৱল বিদ্যালয়ত লাভ কৰা শিক্ষাৰেই জুয়ে পোৰা সোণ হৈ উজলিল দেৱৰাজ

Assam HSLC Result 2023: কেৱল বিদ্যালয়ত লাভ কৰা শিক্ষাৰেই জুয়ে পোৰা সোণ হৈ উজলিল দেৱৰাজ

এটা সামান্য ভগা জুপুৰীত বাস কৰা দেৱৰাজৰ পৰিয়ালে আজিলৈকে লাভ নকৰিলে এটা চৰকাৰী আৱাসগৃহ।

এটা সামান্য ভগা জুপুৰীত বাস কৰা দেৱৰাজৰ পৰিয়ালে আজিলৈকে লাভ নকৰিলে এটা চৰকাৰী আৱাসগৃহ।

এটা সামান্য ভগা জুপুৰীত বাস কৰা দেৱৰাজৰ পৰিয়ালে আজিলৈকে লাভ নকৰিলে এটা চৰকাৰী আৱাসগৃহ।

  • Share this:
নলবাৰী, ২৪ মে': দৰিদ্ৰতা যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰতীয়মাণ কৰি দেখুৱালে নলবাৰী জিলাৰ টিহু ৰতনপুৰৰ দেৱৰাজ শৰ্মাই । চৰকাৰী মাধ্যমৰ বিদ্যালয় বালি হাইস্কুলৰ পৰা সৰ্বমুঠ ৭৯.৩৩ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটাকৈ বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয় দুৰ্ভগীয়া দেৱৰাজ শৰ্মাই। শিশু অৱস্থাতে পিতৃহাৰা হোৱা দেৱৰাজক নিজৰ মাতৃয়ে বেলেগৰ ঘৰত কাম কৰি পঢুৱাইছিল।

কেৱল বিদ্যালয়ত লাভ কৰা শিক্ষা আৰু কঠোৰ অধ্যৱসায়ৰ ফলত জুয়ে পোৰা সোণ হৈ উজলিল দেৱৰাজ। প্ৰাথমিক অভাৱখিনিও পূৰণ কৰিব নোৱৰা মাতৃৰ চকুত আজি চকুপানী। পুত্ৰৰ সাফল্যত যদিও তেওঁ গৌৰৱান্বিত কিন্তু তাৰ মাজত দেৱৰাজৰ উচ্চ শিক্ষাৰ বাবে চিন্তিত মাতৃ।

এটা সামান্য ভগা জুপুৰীত বাস কৰা দেৱৰাজৰ পৰিয়ালে আজিলৈকে লাভ নকৰিলে এটা চৰকাৰী আৱাসগৃহ। অভাৱে কোঙা কৰা পৰিয়ালটোৱে এতিয়া স্থানীয় পাটাছাৰকুৰি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে সহায়।

শেহতীয়া বাতৰি