হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে উৎফুল্লিত কৰিছে নলবাৰীৰ আখৰাৰ বিবেকানন্দ বিদ্যা নিকেতনক। বৃহত্তৰ পূব নামবৰভাগ অঞ্চলৰ বিদ্যালয়খনৰ পৰা চিন্ময় দাসে ৯৫.৫০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ২৯ গৰাকী ছাত্ৰ–ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ইয়াৰ ভিতৰত ১০গৰাকীয়ে ডিষ্টিংচন, ৪গৰাকীয়ে ষ্টাৰ মাৰ্ক, ১১গৰাকীয়ে লেটাৰসহ প্ৰথম বিভাগৰ লগতে চাৰিগৰাকীয়ে দ্বিতীয় বিভাগত সফলতাৰে উত্তীৰ্ণ হয়। এই খবৰে নলবাৰী জিলাৰ সমগ্ৰ পূব নামবৰভাগ অঞ্চললৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে ।
২০০০ চনতে গ্ৰামাঞ্চলত স্থাপিত হোৱা বিদ্যালয়খনৰ পৰা ২০১৩ চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে ছাত্ৰ–ছাত্ৰী। প্ৰতিবছৰে আশানুৰূপ ফলাফলেৰে সদায়েই চমক সৃষ্টি কৰি আহিছে বিবেকানন্দ বিদ্যা নিকেতনে।
ছাত্ৰ–ছাত্ৰীক গঢ় দিয়াৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰো আছে যথেষ্ট অৱদান। আজি বিদ্যালয়খনৰ পৰা সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ চিন্ময় দাসক বিদ্যালয়ৰ ফালৰ পৰা আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Published by: Gautam Barman
FIRST PUBLISHED : May 23, 2023, 16:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।