শিৱসাগৰ, ২৫ মে': সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জুইয়ে পোৰা সোণ হৈ উজলিল একাংশ ছাত্ৰ ছাত্ৰী। আৰ্থিক দাৰিদ্ৰ্যতা, অভাৱগ্ৰস্ততা আদিক নেওচি জিলিকি উঠিল শিৱসাগৰ বেতবাৰী মৌজাৰ চেঙেলীবাৰীৰ মুছকান বেগম। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাঁহগড় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱৰ্তীণ হৈ মুছকান সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ।
ঠেলা চলাই, এখন সৰু দোকান দি কোনোমতে পৰিয়াল চলোৱা বেতবাৰীৰ চেঙেলীবাৰীৰ নিবাসী নুৰ ইছলাম আলি আৰু মমতাজ বেগমৰ কন্যা মুছকানে লাভ কৰে মুঠ ৮৩.১৭ শতাংশ নম্বৰ। ছাত্ৰীগৰাকীয়ে অসমীয়া বিষয়ত ৮২ নম্বৰ, ইংৰাজীত ৮৩ নম্বৰ, সাধাৰণ গণিতত ৮৭ নম্বৰ, সমাজ বিজ্ঞানত ৯২ নম্বৰ, হিন্দীত ৮৬ নম্বৰ আৰু সাধাৰণ বিজ্ঞানত লাভ কৰে ৭০ নম্বৰ । অনাগত দিনত মুছকান বেগমে কলা শাখাত অধ্যয়ন কৰিব বুলি সদৰী কৰিছে।
মুছকানে কয়- ‘‘কোনো ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিলোঁ। বিদ্যালয়ৰ ছাৰ বাইদেউ সকলে ভালদৰে পাঠদান কৰি বুজাই দিছিল। যিখিনি সময় পঢ়িছিলোঁ একদম মন দি পঢ়িছিলোঁ।’’ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মুছকান বেগমে সংবাদ মাধ্যমৰ আগত আৰু কয় যে ইংৰাজী মাধ্যমত পঢ়িলেহে বেছি ভাল ফলাফল লাভ কৰিব পাৰি বুলি ভবাটো ভুল। অসমীয়া মাধ্যম বা মাতৃভাষাৰ মাধ্যমত পঢ়িও ভাল ফলাফল লাভ কৰিব পাৰি। মাধ্যম অন্তৰায় নহয়।
ঠেলা চলাই, এখন সৰু দোকান দি কোনোমতে পৰিয়াল চলোৱা পিতৃ নুৰ ইছলামে বিশেষ সা–সুবিধা দিব নোৱাৰিলেও মুছকানে একাগ্ৰতা, গভীৰ অধ্যয়নৰ বলত আগুৱাই যাব বুলি দৃঢ় মত প্ৰকাশ কৰিছে। মুছকান প্ৰবল আত্মবিশ্বাসেৰে আগুৱাই যাওঁক, আমিও তাকে কামনা কৰিছোঁ ।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 25, 2023, 12:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।