• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্য নথকা এজন ৰজাৰ কাহিনী! খেতিপথাৰৰ পৰা চৌদি আৰবলৈ ‘বাদশ্বাহ’ৰ যাত্ৰাৰ কাহিনী

ৰাজ্য নথকা এজন ৰজাৰ কাহিনী! খেতিপথাৰৰ পৰা চৌদি আৰবলৈ ‘বাদশ্বাহ’ৰ যাত্ৰাৰ কাহিনী

প্ৰকৃত নাম নুৰ আহমেদ চৌধুৰী৷ বৰ্তমান তেওঁ আৰবৰ প্ৰখ্যাত সুগন্ধি কোম্পানী আব্দুচ চামাদ আল কুৰেশ্বীৰ অগৰু উৎপাদন বিভাগৰ মেনেজাৰ৷

প্ৰকৃত নাম নুৰ আহমেদ চৌধুৰী৷ বৰ্তমান তেওঁ আৰবৰ প্ৰখ্যাত সুগন্ধি কোম্পানী আব্দুচ চামাদ আল কুৰেশ্বীৰ অগৰু উৎপাদন বিভাগৰ মেনেজাৰ৷

প্ৰকৃত নাম নুৰ আহমেদ চৌধুৰী৷ বৰ্তমান তেওঁ আৰবৰ প্ৰখ্যাত সুগন্ধি কোম্পানী আব্দুচ চামাদ আল কুৰেশ্বীৰ অগৰু উৎপাদন বিভাগৰ মেনেজাৰ৷

  • Share this:
এজন বাদশ্বাহ! পিছে তেওঁ কোনো দেশৰ বাদশ্বাহ নহয়। তেওঁৰ নাই কোনো সিংহাসন৷ ৰাইজে দিয়া উপাধি হ’ল তেওঁৰ 'বাদশ্বাহ'। বহল আৰু ডাঙৰ মনৰ বাবে ৰাইজে যেতিয়া তেওঁক বাদশ্বাহ বুলি মাতিবলৈ লৈছিল তেতিয়া তেওঁ আছিল এজন দিন হাজিৰা কৰা লোক৷ নাগালেণ্ডলৈ গৈ খেতি-বাতিৰ কাম কৰিছিল তেওঁ৷ এইজন বাদশ্বাহ আকৌ শেহতীয়াভাৱে বিশেষভাৱে চৰ্চালৈ আহিছে৷

হোজাই জিলাৰ ডবকা চৌধুৰী বজাৰত যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম পুৰস্কাৰ হিচাপে ৫০ হাজাৰ টকা আগবঢ়াই অঞ্চলজুৰি চৰ্চিত হৈছে বাদশ্বাহ ৷

প্ৰকৃত নাম নুৰ আহমেদ চৌধুৰী৷ বৰ্তমান তেওঁ আৰবৰ প্ৰখ্যাত সুগন্ধি কোম্পানী আব্দুচ চামাদ আল কুৰেশ্বীৰ অগৰু উৎপাদন বিভাগৰ মেনেজাৰ৷ পিছে তেওঁ নাগালেণ্ডৰ খেতিৰ কামৰ পৰা সেই স্থানলৈ গল কিদৰে? কিদৰে পালেগৈ চৌদি আৰৱ?

জানিব পৰা মতে, নুৰ আহমেদ চৌধুৰীয়ে এদিন খেতি কামত কষ্ট পাই পাহাৰৰ চূড়াত আৰোহণ কৰিছিল আৰু কষ্টৰ জীৱনৰ পৰা মুক্তি দিবলৈ আল্লাহক দোৱা কৰিছিল৷ তাৰ পিছতেই তেওঁৰ জ্যেষ্ঠ ভাতৃ কবিৰ আহমদ চৌধুৰীৰ দূৰদৰ্শী সিদ্ধান্তত এদিন তেওঁ চৌদি আৰবলৈ গমন কৰে৷

চৌদি আৰবতো তেওঁৰ পথ সহজ নাছিল৷ পিছে নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত এদিন সুগন্ধি জগতৰ বিখ্যাত কোম্পানী আব্দুচ চামাদ আল কুৰেশ্বীৰ মেনেজাৰ হয় বাদশ্বাহ।অগৰু কাঠৰ চিনাক্তকৰণ, কাঠৰ পৰা সুগন্ধি তেল নিষ্কাশনলৈকে কামৰ তদাৰক কৰে তেওঁ৷

সেই সুযোগতে কোম্পানীটোলৈ অসমৰ শ শ দৰিদ্ৰ নিৱনুৱা যুৱকক নি সংস্থাপন দিয়ে তেওঁ৷ বহু নিবনুৱাক নিজ খৰছত চৌদি আৰবলৈ নিয়ে বাদশ্বাহে৷ তাৰোপৰি দৰিদ্ৰ, অভাৱী মানুহলৈ উদাৰচিত্তে সহায় আগবঢ়াই মানুহৰ মনত বাদশ্বাহ উপাধিটো একপ্ৰকাৰ নিগাজি কৰি তুলিছে তেওঁ৷ বাদশ্বাহৰ সৈতে এসময়ত নাগালেণ্ডত কাম কৰা লোকসকলে আজিও প্ৰশংসা কৰে লোকজনৰ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি