অৱশেষত সঁচা প্ৰমাণ হ’ল News18ৰ বাতৰি। যোৱা ১০ জুনৰ নিশা ৰে’ল যাত্ৰীক বাইক চোৰ বুলি সন্দেহ কৰি মৰিয়নী থানাত মাৰপিট কৰা ঘটনাৰে জড়িত আৰক্ষী উপ–পৰিদৰ্শক বিজয় কৃষ্ণ ফুকনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। উক্ত নিশা মৰিয়নী জংছনৰ পৰা বাইকেৰে ঘৰলৈ উভতি যোৱাৰ পথত গুৰু বাবু কৰ্মকাৰ আৰু তেওঁৰ পুত্ৰ গুন্দুৰু কৰ্মকাৰক চোৰৰ সন্দেহত থানাত আৰক্ষীয়ে গুৰুতৰভাৱে মাৰপিট কৰাৰ কৰাৰ অভিযোগ উঠিছিল। কিন্তু প্ৰথম অৱস্থাত আৰক্ষীয়ে এই কথা অস্বীকাৰ কৰি ইয়াক এক মনেসজা কাহিনী আখ্যা দিছিল। কিন্তু উচ্চপদস্থ বিষয়াই কৰা তদন্তৰ পিছত এই অভিযোগ সঁচা প্ৰমাণিত হয়।
যোৱা শুকুৰবাৰে ডিমাপুৰৰ পৰা ৰে’লেৰে মৰিয়নী জংছনলৈ অহাৰ পিছত নিজৰ বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত ষ্টেচন ৰোডত একাংশ লোকে পিতা-পুত্ৰক ৰখাই বাইক চোৰ বুলি আৰক্ষীক খবৰ দি থানাত গতাই দিছিল। মৰিয়নী থানাৰ আৰক্ষীয়ে গুৰু বাবু কৰ্মকাৰ আৰু তেওঁৰ পুত্ৰ গুন্দুৰু কৰ্মকাৰক থানালৈ লৈ যোৱাৰ পিছত উপৰ্যুপৰি মাৰপিট কৰি পুৱতিনিশা ঘৰলৈ যাবলৈ দিয়াৰ অভিযোগ উঠিছিল।
ঘৰ গৈ পোৱাৰ পিছতে দুয়োৰে স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে দুয়োকে জেএমচিএইচলৈ আনি চিকিৎসা প্ৰদান কৰা হৈছিল। এই ঘটনা প্ৰথমে পোহৰলৈ আনিছিল News18–এ। ইয়াৰ পিছতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰিয়নী শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ মৰিয়নী শাখাই এই ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক আৰু তিতাবৰৰ মহকুমা আৰক্ষী বিষয়ালৈ সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। ইয়াৰ লগতে ভুক্তভোগী পিতা-পুত্ৰয়ো এই ঘটনাৰ ন্যায় বিচাৰি আবেদন জনাইছিল। ইয়াৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী প্ৰশাসন। যোৰহাটৰ আৰক্ষী অধীক্ষকে এই ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰে। তদন্তত মাৰপিট কৰাৰ ঘটনা পোহৰলৈ অহাত উক্ত নিশা কৰ্তব্যত থকা আৰক্ষী উপ–পৰিদৰ্শক বিজয় কৃষ্ণ ফুকনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|