তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চাপাগুৰি সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এইবাৰ নাঙল যাব মিউজিয়ামত, ট্ৰেক্টৰ যাব দিশপুৰত।’’
বাক্সা জিলাৰ ৬৩নং চাপাগুৰি সমষ্টিৰ জালাহত মিত্ৰজোটৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈ ভাষণত বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে মহিলা সবলীকৰণৰ কাম কৰিছে বুল মন্তব্য কৰি শৰ্মাই মহাজোঁটৰ চৰকাৰ হ’লে চৰকাৰৰ তলা–চাবি আজমলৰ হাতত থকা কথাটোকো কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যদিহে চৰকাৰ বনোৱা তলা–চাবি আজমলৰ হাতত থাকে, তেন্তে হাগ্ৰামা মহিলাৰী আৰু ৰিপুণ বৰা ক’ত গ'ল?
হাগ্ৰামাই মোক বিভিন্ন সময়ত সমালোচনা কৰি আহিছে যদিও আজমলৰ কথাক প্ৰত্যুত্তৰ দিব পৰা নাই কিয় বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে আজমলে যদি চৰকাৰ গঠন কৰে তেন্তে মহিলাসকলক সন্তান জন্ম দিয়া ফেক্টৰী বনাব গতিকে আমাক আজমলৰ চৰকাৰ নালাগে।
সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলক স্কুটী দিয়াৰ দৰে ছাত্ৰসকলকো গেৰুৱা ৰঙৰ বাইক উপহাৰ দিব বুলি মন্তব্য কৰে। বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’লে এটা বছৰৰ ভিতৰত ৰাজ্যখনৰ ১লাখ নিবনুৱাক বিভিন্ন বিভাগত চাকৰি দিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে শৰ্মাই৷ ইফালে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই ২ মে’ৰ পিছত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ব্যবস্হা ল’ব বুলি হুংকাৰ দি কয় যে কোনো কাৰণতে বিটিআৰত সংঘৰ্ষ সৃষ্টি কৰিবলৈ দিয়া নহ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|