• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণাৰ পিছতে শংকাত ধুবুৰীৰ ৯০গৰাকী ছাত্ৰী-অভিভাৱক!

হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণাৰ পিছতে শংকাত ধুবুৰীৰ ৯০গৰাকী ছাত্ৰী-অভিভাৱক!

  • Share this:
শনিবাৰে ঘোষিত হল মেট্ৰিক পৰীক্ষাৰ  ফলাফলত অসমৰ ১৭ খন বিদ্যালয়ত এজনো পৰীক্ষাৰ্থী  উত্তীৰ্ণ হোৱা নাছিল। ইয়াৰ ভিতৰত  ধুবুৰী জিলাৰ চাপৰৰ নিকটৱৰ্তী বহলপুৰ ছোৱালী উচ্চমাধ্যমিক বিদ্যালয়ৰ নামো আছে।
৩৮ জনী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ এজনীও উত্তীৰ্ণ হব নোৱাৰাৰ পিছত বৰ্তমানে শিক্ষক আৰু জিলা শিক্ষা বিভাগৰ মাজত হুৱাদুৱা লাগিছে।
বিদ্যালয়খনৰ শিক্ষকৰ ভাষ্য অনুসৰি বিদ্যালয়খনত নাছিল পৰ্য্যাপ্ত শিক্ষক।বিগত বছৰত মাত্ৰ ৩ জন শিক্ষকৰে চলিছিল পাঠদান।
ইয়াৰে এজন প্ৰধান শিক্ষক আৰু আন দুজন সংস্কৃত আৰু আৰৱী ভাষাৰ শিক্ষক।তেনেক্ষেত্ৰত বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰীয়ে ইংৰাজী বিষয়ত উত্তীৰ্ণ নোহোৱাৰ তথ্য পোৱা গৈছে।
শিক্ষাৰ্থীৰ অনুপাতে বিদ্যালয়খনত শিক্ষক নথকাৰ উপৰিও ইংৰাজী আৰু অসমীয়াৰ নাছিল কোনো শিক্ষক।
আনহাতে ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় হোৱাৰ পিছতো বিদ্যালয় খনত নাছিল কোনো মহিলা শিক্ষয়িত্ৰী।
১৯৮৩ চনতে চাৰি বিঘা মাটিকালিত  স্থাপিত বিদ্যালয় খন ২০১৩ চনত প্ৰাদেশিকীকৰণ কৰা হৈছিল। কিন্তু ২০১৩ চনত  প্ৰতিষ্ঠাপক শিক্ষক- শিক্ষয়িত্ৰী প্ৰায় বোৰেই অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ পৰাই নতুনকৈ কোনো শিক্ষক নিযুক্তি পোৱা নাছিল বিদ্যালয় খনত।
ইতিমধ্যে শূন্য ফলাফল থকা  বিদ্যালয় সমুহক বন্ধ কৰি শিক্ষক-শিক্ষয়িত্ৰী সকলক বদলি কৰাৰ কথা দেওবাৰে  শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলত ঘোষণা কৰিছিল।
এই ঘোষণাত বৰ্তমানে শংকিত হৈ পৰিছে অভিভাৱক লগতে বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা  মুঠ  ৯০ জনী ছাত্ৰী।
কাৰণ বিদ্যালয় খন বন্ধ হৈ বৰ্তমানৰ ৯০ গৰাকী ছাত্ৰীৰ ভবিষ্যত কি হব সেয়া সঁচাই চিন্তাৰ বিষয় হৈ পৰিছে।
First published: