• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰ্জন ঠাইত ফটো উঠিবলৈ গৈছিল কেইজনমান ছাত্ৰ–ছাত্ৰী, তাৰ পৰাই আৰম্ভ ভয়ংকৰ কাজিয়া, ডবকাত ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ

নিৰ্জন ঠাইত ফটো উঠিবলৈ গৈছিল কেইজনমান ছাত্ৰ–ছাত্ৰী, তাৰ পৰাই আৰম্ভ ভয়ংকৰ কাজিয়া, ডবকাত ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ

কেইগৰাকীমান ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয়খনৰ কাষতে থকা নিৰ্জন ঠাইত ফটো উঠিবলৈ গৈছিল৷

কেইগৰাকীমান ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয়খনৰ কাষতে থকা নিৰ্জন ঠাইত ফটো উঠিবলৈ গৈছিল৷

কেইগৰাকীমান ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয়খনৰ কাষতে থকা নিৰ্জন ঠাইত ফটো উঠিবলৈ গৈছিল৷

  • Share this:
হোজাই জিলাৰ ডবকাত আজি কেবাশতাধিক ছাত্ৰ–ছাত্ৰীয়ে দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰু সতীৰ্থ ছাত্ৰক মুকলি কৰি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পিছত ঘটনাস্থলীত হোজাই জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলী হাইস্কুলত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ–ছাত্ৰীসকলে বিদায় সভা অনুষ্ঠিত কৰিছিল৷ সেইমৰ্মে বিদ্যালয়খনৰ সমূহ ছাত্ৰ–ছাত্ৰীৰ লগতে শিক্ষক–শিক্ষয়িত্ৰীসকলো উক্ত সভাত অংশগ্ৰহণ কৰিছিল৷ ইয়াৰ মাজতে কেইগৰাকীমান ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয়খনৰ কাষতে থকা নিৰ্জন ঠাইত ফটো উঠিবলৈ গৈছিল৷ সেই সময়তে তাত থকা কেইজনমান স্থানীয় যুৱকৰ লগত কিবা কথাত ছাত্ৰ–ছাত্ৰীসকলৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি  হয় আৰু পিছলৈ কাজিয়া আৰম্ভ  হয় ৷

এই খবৰ পোৱাৰ পিছতেই বিদ্যালয়ৰ পৰা আন কিছু ছাত্ৰ উক্ত স্থানত উপস্থিত হয়৷ চলি থকা কাজিয়াখন পিছত ভয়ংকৰ মাৰপিটলৈ ৰূপান্তৰিত হয়৷ মাৰপিটৰ ফলত মদাৰতলী হাইস্কুলৰ চাৰিজনকৈ ছাত্ৰ গুৰুতৰভাৱে আহত হয়৷ ছাত্ৰ–ছাত্ৰীসকলে কৰা অভিযোগ অনুসৰি, বাহিৰা যুৱকৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত আটাইকেইজন ছাত্ৰই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰি বিদ্যালয়লৈ আহে যদিও স্থানীয় একাংশ যুৱকে হাতত লাঠি লৈ আহত ছাত্ৰকেইজনক মাৰিবলৈ বিদ্যালয়লৈ খেদি আহে ৷

এই খবৰ পোৱাৰ মাত্ৰতেই ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ  সিঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ  লগতে মাৰপিটত লিপ্ত থকাৰ অভিযোগত বিদ্যালয়খনৰ দুই ছাত্ৰ আৰু মদাৰতলী গাঁৱৰ দীপু নামৰ যুৱকজনক আটক কৰি থানালৈ লৈ গৈছিল৷ লগতে আহত ছাত্ৰকেইজনক ততাতৈয়াকৈ ডবকা ৩০খন বিচনাযুক্ত চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে ডবকা লাইফ কেয়াৰ হাস্পতালত ভৰ্তি কৰে৷ ইয়াৰে এজনক বেয়াকৈ আঘাত পোৱাৰ হেতুকে নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷

আনহাতে, ডবকা আৰক্ষীয়ে কৰায়ত্ব কৰি নিয়া দুই ছাত্ৰক নিশাই চাইল্ডলাইনৰ জৰিয়তে শিশু সুৰক্ষা সমিতিৰ ওচৰলৈ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছিল৷ ইফালে অহা ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’বলগা মেট্ৰিক পৰীক্ষা আৰু আৰক্ষীয়ে কৰায়ত্ব কৰি নিয়া দুই ছাত্ৰই আগন্তুক মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব বুলি বাকী ছাত্ৰ–ছাত্ৰী শংকিত হৈ পৰে৷ সেয়েহে আজি পুৱা বিদ্যালয়খনত প্ৰায় শতাধিক ছাত্ৰ–ছাত্ৰী একত্ৰিত হয়৷ ছাত্ৰ–ছাত্ৰীসকলে বিদ্যালয় চৌহদৰ পৰাই হাতে হাতে প্লে কাৰ্ড লৈ কালিৰ ঘটনাৰ লগত জড়িত থকা দুৰ্বৃত্তক কৰায়ত্ব কৰা আৰু সতীৰ্থ দুই ছাত্ৰক মুকলি কৰাৰ দাবীৰে সমদল কৰি ডবকা আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে ওলায় আহে৷

মদাৰতলী হাইস্কুলৰ পৰা ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় পাঁচ কিলেমিটাৰ সমদল কৰি 'আমাক ন্যায় লাগে', ‘দুৰ্বৃত্তক কৰায়ক কৰক’, ‘ছাত্ৰ–ছাত্ৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক’ আদি ধ্বনি দি ডবকা আৰক্ষী থানা অভিমুখে আহি থকা ছাত্ৰ–ছাত্ৰীৰ দলটোক থানা পোৱাৰ পূৰ্বেই ডবকাৰ ষ্টেটফেডৰ সন্মুখত ডবকা আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ছাত্ৰ–ছাত্ৰীসকলক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও এক প্ৰকাৰ বিফল হয়৷

তাৰ পিছত ঘটনাস্থলীত বিভিন্ন ছাত্ৰ সংগঠনৰ নেতায়ো প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক বুজনি দি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হয়৷ প্ৰায় এঘণ্টা সময়ৰ অন্তত ঘটনাস্থলীত হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ছাত্ৰ–ছাত্ৰীসকলক বুজনি দিয়াৰ লগতে তদন্তক্ৰমে অভিযুক্তসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
Published by:Sanjay Kumar Das
First published: