মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari : নলবাৰীৰ এখন চৰকাৰী হাইস্কুলত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী-অভিভাৱকৰ দীঘলীয়া শাৰী

Nalbari : নলবাৰীৰ এখন চৰকাৰী হাইস্কুলত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী-অভিভাৱকৰ দীঘলীয়া শাৰী

নলবাৰীৰ বনভাগ খাতা দিহজাৰী হাইস্কুলত দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ৷

নলবাৰীৰ বনভাগ খাতা দিহজাৰী হাইস্কুলত দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ৷

নলবাৰীৰ বনভাগ খাতা দিহজাৰী হাইস্কুলত দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ৷

  • Share this:
নলবাৰীৰ বনভাগ খাতা দিহজাৰী হাইস্কুলত দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ৷ ষষ্ঠ আৰু নৱমশ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষাৰ বাবে বিদ্যালয়ৰ বাহিৰত দেখা গৈছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ শাৰী৷

গুণগত শিক্ষাৰ মানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে দেখা যায় ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভিৰ৷ বাছনি পৰীক্ষাৰ দিনটোতে ছাত্ৰ-ছাত্ৰীৰ এনে সঁহাৰিয়ে চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে বাৰুকৈয়ে শুভ লক্ষণ৷

মুঠ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনত বৰ্তমানো আছে ৬০২ গৰাকী ছাত্ৰ-ছাত্ৰী৷ প্ৰতিবছৰে নামভৰ্তিৰ সময়ত বিদ্যালয়খনত ভিৰ কৰে ছাত্ৰ-ছাত্ৰীয়ে৷

গুৰুত্বপূৰ্ণ যে যিটো সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰতি একাংশ অভিভাৱকৰ অনীহা দেখিবলৈ পোৱা যায় তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকল আগ্ৰহী হয়, তেনে সময়ত নলবাৰীৰ এখন চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে হোৱা অভাৱনীয় ভিৰ স্বাভাৱিকতে কৌতূহলোদ্দীপক।

যদিও চৰকাৰী গাইডলাইন মতে চৰকাৰী বিদ্যালয়ত বৰ্তমান সময়ত বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, তথাপি বিদ্যালয়ৰ আসন অথবা শিক্ষক-শিক্ষয়ত্ৰী কম হোৱা হেতুকে আৰু বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰিবলগীয়া হয় বাছনি পৰীক্ষা।

এইবেলিও নৱম শ্ৰেণীত বাছনি পৰীক্ষাত ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় যদিও আসন অনুপাতে ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাব পাৰিব৷ ইয়াৰ বিপৰীতে ষষ্ঠ শ্ৰেণীত ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে যদিও আসন অনুপাতে ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে নামভৰ্তিৰ সুযোগ পাব৷

সেয়া যিয়েই নহওক, বৰ্তমান সময়ত চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে দেখুওৱা মৰম-আদৰে চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰয়োজনীয়তা পুনৰ প্ৰমাণ কৰিছে৷ অৱশ্যে এইক্ষেত্ৰত আছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে শৈক্ষিক গুণমান বৰ্তাই ৰখাৰ বাবে কৰা প্ৰচেষ্টা।

শেহতীয়া বাতৰি