শিৱসাগৰৰ জিলাৰ বাবে গৌৰৱৰ বিষয়। কাইলৈ দিল্লীত উদযাপন কৰিবলগীয়া গণৰাজ্য দিৱসত শিৱসাগৰ জিলাৰ তিনিখন চৰকাৰী বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে শিক্ষাৰ্থীকেইগৰাকীয়ে। তেওঁলোক হ'ল শিৱসাগৰ দিচাং শুকানপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ জ্ঞানম শইকীয়া, খনাখুকুৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰত্যুৎ প্ৰতীম ৰাজখোৱা আৰু দেওৰাজা পিপলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰ্গৱ শইকীয়া।
ইপিনে অহা ২৭ জানুৱাৰীত দিল্লীৰ Talkatora Stadiumত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰীকেইগৰাকীয়ে। "পৰীক্ষা পে চৰ্চা"ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শিক্ষাৰ্থীকেইগৰাকীয়ে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব। ক্লাছিকেল ডেন্স তথা নৃত্য, খোলবাদন আদি প্ৰদৰ্শন কৰিব ছাত্ৰ-ছাত্ৰীকেইগৰাকীয়ে। আনহাতে চৰাইদেউ জিলাৰ মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাৰ্থনা চুতীয়া, যোৰহাটৰ বাল্যভৱন হাইস্কুলৰ পৰিমল প্ৰভা বৰায়ো একেলগে নিৰ্বাচিত হৈছে।
লক্ষণীয় যে উক্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শেহতীয়াকৈ ভুবনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোককলা উৎসৱত উজলি উঠিছিল। শিৱসাগৰ বেতবাৰী শুকান পুখুৰী মাজগাঁও নিৱাসী দুলুমণি শইকীয়া আৰু পল্লৱী বৰা শইকীয়াৰ পুত্ৰ জ্ঞানম শইকীয়াই ৰাষ্ট্ৰীয় লোককলা উৎসৱত লোক সংগীতত তৃতীয় পুৰষ্কাৰ, গৌৰীসাগৰ নিৱাসী বন্দনা ৰাজখোৱাৰ পুত্ৰ প্ৰদ্যুত্ প্ৰতীম ৰাজখোৱাই খোল বাদনত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল।
সেইদৰে ভাৰ্গৱ শইকীয়াই ক্লাছিকেল ডেন্সত তৃতীয় পুৰস্কাৰ তথা স্থান লাভ কৰিছিল। চৰাইদেউ জিলাৰ প্ৰাৰ্থনা চুতীয়াই instrumental music (percussion)ত প্ৰথম পুৰস্কাৰ আৰু যোৰহাটৰ বাল্যভৱন হাইস্কুলৰ পৰিমল প্ৰভা বৰাই instrumental music (melodic)ত দ্বিতীয় পুৰস্কাৰ লাভ কৰি উজলি উঠিছিল। তেওঁলোকে লোককলা উৎসৱত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী চোৱাৰ বাবে নিৰ্বাচিত হয়। লগতে "পৰীক্ষা পে চৰ্চা" ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে। আটাইকেইগৰাকীয়েই বিগত কেইবাদিন ধৰি দিল্লীতে অনুশীলনত ব্যস্ত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|