পৰীক্ষা পালেহি, কিন্তু নাপালে কিতাপ, ১০ আগষ্টত কেনেকৈ পৰীক্ষা দিব শিক্ষাৰ্থীয়ে?

News18 Assam | News18-Assam
Updated:August 2, 2020, 5:41 PM IST
পৰীক্ষা পালেহি, কিন্তু নাপালে কিতাপ, ১০ আগষ্টত কেনেকৈ পৰীক্ষা দিব শিক্ষাৰ্থীয়ে?

  • Share this:
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে ৰাজ্যৰ যথেষ্ট সংখ্যক যুৱক-যুৱতীয়ে উচ্চশিক্ষা লাভৰ সুযোগ লাভ কৰিছে। বিগত বছৰকেইটিত অসমৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থী বিশ্ববিদ্যালয়খনৰ জৰিয়তে উপকৃত হৈছে। স্নাতক অথবা স্নাতকোত্তৰ পৰ্য্যায়ত বিভিন্ন শিক্ষাৰ্থীয়ে এইখন বিশ্ববিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিছে।

বিশ্ববিদ্যালয়খনত মুক্তশিক্ষাৰ জৰিয়তে প্ৰতিবছৰেই বিভিন্ন পাঠ্যক্ৰমত বহু শিক্ষাৰ্থীয়ে শিক্ষালাভ কৰাৰ সুযোগ লাভ কৰিছে। জীৱিকাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা বহু ব্যক্তিয়ে এইখন বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। কিন্তু বৰ্তমান চলি থকা লক ডাউনৰ বাবেই এইবাৰ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বহু শিক্ষাৰ্থী ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। জানিবপৰা মতে, বিশ্ববিদ্যালয়খনে লকডাউনৰ বাবে এইবাৰ বিভিন্ন ষান্মাসিকৰ পৰীক্ষা সমূহ পিছুৱাই দিব লগা হৈছে।

কিন্তু তাতোকৈ ডাঙৰ সমস্যাটো হৈছে স্নাতক ষষ্ঠ ষান্মসিকৰ পৰীক্ষাৰ বাবে বৰ্তমানলৈকে পাঠ্যপুথি ছাত্ৰ-ছাত্ৰীক যোগান ধৰিব পৰা নাই।স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ সূচী অহা ১০ আগষ্টত ঘোষণা কৰাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে সাংবাদিকতা আৰু গণসংযোগ বিভাগ আৰু বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয় খনে পাঠ্য পুথিৰ যোগান ধৰিব পৰা নাই।

সেয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থী সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। প্ৰতিবছৰেই বিশ্ববিদ্যালয় খনে ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ ৩-৪ মাহ পূৰ্বে পাঠ্যপুথিৰ যোগান ধৰে যদিও এইবেলি বৰ্তমানলৈকে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰা নাই পাঠ্যক্ৰমৰ গ্ৰন্থ সমূহ। সেয়ে পাঠ্যপুথি অবিহনে ছাত্ৰ-ছাত্ৰী সকলে কিদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব তাক লৈ চিন্তিত হৈ পৰিছে সকলো। এইক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক শীঘ্ৰেই উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলে।
First published: August 2, 2020, 5:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading