মুখ্যপৃষ্ঠা »খবৰ »অসম »Scam in Ishan Uday Scholarship: ৰাজ্যৰ শিক্ষা বিভাগে তদন্তৰ দায়িত্ব ঠেলিলে কেন্দ্ৰীয় চৰকাৰলৈ

Scam in Ishan Uday Scholarship: ৰাজ্যৰ শিক্ষা বিভাগে তদন্তৰ দায়িত্ব ঠেলিলে কেন্দ্ৰীয় চৰকাৰলৈ

উত্তৰ পূৰ্বাঞ্চলৰ  ১০ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানিৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে দুষ্টচক্ৰই সৰকাই নিয়াৰ পৰিকল্পনা কৰা ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

উত্তৰ পূৰ্বাঞ্চলৰ  ১০ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানিৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে দুষ্টচক্ৰই সৰকাই নিয়াৰ পৰিকল্পনা কৰা ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

উত্তৰ পূৰ্বাঞ্চলৰ  ১০ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানিৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে দুষ্টচক্ৰই সৰকাই নিয়াৰ পৰিকল্পনা কৰা ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

  • Share this:
অসমৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামেৰে দুষ্টচক্ৰই ঈশান উদয় বিশেষ জলপানিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিব খোজা জালিয়াতি পোহৰলৈ অহাৰ পিছত ইতিমধ্যে থানাত ৰুজু হৈছে গোচৰ। কিন্তু অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ ছাত্ৰ-ছাত্ৰীক লৈ সংঘটিত এই বৃহৎ জালিয়াতিৰ তদন্তৰ ভাৰ ঠেলিছে কেন্দ্ৰীয় চৰকাৰলৈ।

উত্তৰ পূৰ্বাঞ্চলৰ  ১০ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানিৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে দুষ্টচক্ৰই সৰকাই নিয়াৰ পৰিকল্পনা কৰা ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে এই জালিয়াতি সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কলেজ অব এগ্ৰিকালছাৰৰ কৰ্তৃপক্ষই চাপৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

বহিঃ ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰী বুলি দেখুৱাই বহু ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত জলপানি প্ৰদানৰ ব্যৱস্থা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই জলপানিৰ মেৰিট লিষ্টত নাম থকা অসমৰ প্ৰায় ৫৮০০ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৩ হাজাৰেই ভুৱা বুলি সন্দেহ কৰা হৈছে । আনহাতে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজস্ব অনুসন্ধানৰ পিছত কোনো দুষ্ট চক্ৰই অনলাইনত এই জালিয়াতি সংঘটিত কৰা বুলি জানিবলৈ দিছে ।উক্ত মহাবিদ্যালয়খনৰ নাম ব্যৱহাৰ কৰি জলপানিৰ মেৰিট লিষ্টত নাম অহা ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই ভুৱা। আনহাতে এইসকল ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বুলি দেখুওৱা পাঠ্যক্ৰমসমূহো নাই উক্ত মহাবিদ্যালয়খনত ।

আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ লগতে অসমৰ ছাত্ৰসমাজৰ মাজত এই জলপানি কেলেংকাৰীয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও অসম চৰকাৰে এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত বিশেষ সক্ৰিয়তা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই। কাৰণ শিক্ষামন্ত্ৰীগৰাকীৰ পৰা এই সন্দৰ্ভত জানিবলৈ বিচৰাত এই জালিয়াতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তথ্য সহকাৰে অৱগত কৰা বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীৰ মতে যিহেতু ঈশান উদয় বিশেষ জলপানি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে গতিকে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব। অসমত ৰুজু হোৱা গোচৰ সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য , এই জলপানিৰ মেৰিট লিষ্টৰ বহু বিসংগতি পোহৰলৈ আনিছে অসমৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে। বহিঃ ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত অসমৰ বহু ভুৱা ছাত্ৰ-ছাত্ৰীয়ে কলা শাখাত অধ্যয়ন কৰা বুলি দেখুৱাই জলপানীৰ বাবে নিৰ্বাচিত কৰা হৈছে। নাৰ্ছিং কলেজৰ ছাত্ৰীয়ে ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম পঢ়া দেখুওৱা হৈছে। তালিকাত একে নামৰ পিতৃৰ বহু ছাত্ৰ-ছাত্ৰীৰ নাম থকাৰ অভিযোগ উঠিছে । ঠিক সেইদৰে পিতৃৰ উপাধীৰ সৈতে মিল নাই ছাত্ৰ-ছাত্ৰীৰ উপাধীৰ। গতিকে এনে ভয়ংকৰ জালিয়াতি সন্দৰ্ভত অসম আৰক্ষীয়ে উচিত তদন্ত কৰিলেই জালিয়াতিৰে জড়িত দুষ্টচক্ৰৰ সকলো তথ্য পোহৰলৈ অহাটো নিশ্চিত। কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে, অসম চৰকাৰে এই তদন্তত গুৰুত্ব প্ৰদান কৰিবনে নাই !

শেহতীয়া বাতৰি