• Home
  • »
  • News
  • »
  • assam
  • »
  • অনুশাসনৰ পৰিপন্থী হেয়াৰষ্টাইল; যোৰহাটৰ এখন বিদ্যালয়ত ৭ গৰাকী ছাত্ৰক মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পৰা বহিষ্কাৰ

অনুশাসনৰ পৰিপন্থী হেয়াৰষ্টাইল; যোৰহাটৰ এখন বিদ্যালয়ত ৭ গৰাকী ছাত্ৰক মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পৰা বহিষ্কাৰ

বিদ্যালয়ৰ অনুশাসনৰ পৰিপন্থী হেয়াৰষ্টাইলৰ বাবে যোৰহাটৰ এখন বিদ্যালয়ত ৭ গৰাকী ছাত্ৰক মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পৰা বহিস্কাৰ কৰা ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিদ্যালয়ৰ অনুশাসনৰ পৰিপন্থী হেয়াৰষ্টাইলৰ বাবে যোৰহাটৰ এখন বিদ্যালয়ত ৭ গৰাকী ছাত্ৰক মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পৰা বহিস্কাৰ কৰা ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিদ্যালয়ৰ অনুশাসনৰ পৰিপন্থী হেয়াৰষ্টাইলৰ বাবে যোৰহাটৰ এখন বিদ্যালয়ত ৭ গৰাকী ছাত্ৰক মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পৰা বহিস্কাৰ কৰা ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

  • Share this:
হেয়াৰষ্টাইলক (চুলিৰ সজ্জা) কেন্দ্ৰ কৰি যোৰহাটৰ এখন বিদ্যালয়ত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিদ্যালয়ৰ অনুশাসনৰ পৰিপন্থী হেয়াৰষ্টাইলৰ বাবে যোৰহাটৰ এখন বিদ্যালয়ত ৭ গৰাকী ছাত্ৰক মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পৰা বহিস্কাৰ কৰা ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যোৰহাটৰ এখন বিদ্যালয়ত একাংশ ছাত্ৰক হেয়াৰষ্টাইলৰ বাবে মেট্ৰিকৰ টেষ্ট পৰীক্ষাত বহিবলৈ নিদিয়াৰ এক গুৰুতৰ অভিযোগ উঠিছে। এই ঘটনা যোৰহাট কেন্দুগুৰীস্থিত ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলত সংঘটিত হৈছে। বৰ্তমান বিদ্যালয়খনত অনুষ্ঠিত হৈ থকা মেট্ৰিকৰ টেষ্ট পৰীক্ষাত ৭ গৰাকী ছাত্ৰক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰকেইজনৰ হেয়াৰ ষ্টাইলৰ বাবে এটা বিষয়ৰ পৰীক্ষাত বহিবলৈ অনুমতি নিদিলে। জানিব পৰা মতে, প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা ছাত্ৰকেইজনক চুলি কটোৱাবলৈ নিৰ্দেশ দি আহিছিল। মন কৰিবলগীয়া যে, তিনিটা বিষয়ৰ পৰীক্ষা দিয়াৰ পিছত চতুৰ্থ দিনৰ পৰীক্ষাত এই ঘটনা সংঘটিত হৈছে।

আনহাতে, প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে অনুশাসনমূলক কাৰণত এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ছাত্ৰকেইজনক পৰীক্ষাত বহিবলৈ কোৱা হৈছিল যদিও ছাত্ৰকেইজনে পৰীক্ষাত বহিবলৈ মান্তি হোৱা নাছিল বুলি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু, ছাত্ৰসকলৰ মতে তেওঁলোকৰ এগৰাকী অভিভাৱক বিদ্যালয়লৈ আহি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত পৰীক্ষা শেষ হ’বলৈ আধা ঘন্টা বাকী থকা অৱস্থাতহে ছাত্ৰকেইজনক পুনৰ পৰীক্ষাত বহিবলৈ দিয়া হৈছিল।

প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মতে ছাত্ৰ কেইজনৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তেওঁলোকক পিছত পুনৰ উক্ত বিষয়ৰ পৰীক্ষাত বহিবলৈ দিয়া হ’ব। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ছাত্ৰকেইজনৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰশ্ন যে হেয়াৰষ্টাইল বা বিদ্যালয়ৰ আন কোনো অনুশাসন ভঙ্গ কৰা ঘটনা সন্দৰ্ভত ছাত্ৰকেইজনৰ ওপৰত পৰীক্ষা দি থকা অৱস্থাত এনে ব্যৱস্থা গ্ৰহণ কৰিব নালাগিছিল। মেট্ৰিক পৰীক্ষাৰ সৈতে জড়িত এটা পৰীক্ষাত ছাত্ৰকেইজনক অনুশাসনৰ নামত পৰীক্ষাৰ পৰা বঞ্চিত কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছাত্ৰকেইগৰাকীৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ছাত্ৰকেইগৰাকীয়ে যাতে পৰীক্ষাত বহাৰ পৰা বঞ্চিত নহয় সেই সন্দৰ্ভত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ পৰা নিশ্চিতি বিচাৰিছে।

এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ ছাত্ৰ সমাজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি