உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Board Result 2021: ফলাফলক লৈ অসন্তুষ্টি ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ, শিক্ষা সংসদলৈ অনুৰোধ– ন্যায় দিয়ক

    Assam Board Result 2021: ফলাফলক লৈ অসন্তুষ্টি ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ, শিক্ষা সংসদলৈ অনুৰোধ– ন্যায় দিয়ক

    বহু ছাত্ৰ–ছাত্ৰীৰ নম্বৰটো নাবাঢ়িলেই, বৰং পূৰ্বতকৈ নম্বৰ হ্ৰাসহে পালে।

    বহু ছাত্ৰ–ছাত্ৰীৰ নম্বৰটো নাবাঢ়িলেই, বৰং পূৰ্বতকৈ নম্বৰ হ্ৰাসহে পালে।

    বহু ছাত্ৰ–ছাত্ৰীৰ নম্বৰটো নাবাঢ়িলেই, বৰং পূৰ্বতকৈ নম্বৰ হ্ৰাসহে পালে।

    • Share this:

      উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি ৰঙিয়াৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ । পৰীক্ষাৰ ফলাফলৰ বিসংগতিত বিদ্যালয় কৰ্তৃপক্ষৰ পৰিৱৰ্তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ জড়িত বুলি অভিযোগ ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠৰ ভাৰপ্ৰাপ্ত প্ৰধান অধ্যক্ষৰ।


      ক'ভিডৰ বিশেষ পৰিস্থিতিৰ মাজতে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । বিগত বৰ্ষবোৰৰ দৰে এইবছৰ ৰাজ‍্যৰ ছাত্ৰ–ছাত্ৰীৰ মাজত দেখা পোৱা নগ'ল বিশেষ উৎসাহ। ৰঙিয়াতো বহুকেইখন বিদ্যালয়ত ফলাফলক লৈ সৃষ্টি হৈছে ব‍্যাপক খেলিমেলিৰ।


      বিশেষকৈ আৰিমত্ত বিদ‍্যাপীঠ, প্ৰেগমেটিক একাডেমীকে ধৰি কেইবাখনো বিদ‍্যালয়ত ঘটিছে অনুৰূপ ঘটনা। ছাত্ৰ–ছাত্ৰীৰ মেধাৰ ভিত্তিত মূল‍্যায়ন নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিভাৱক তথা ছাত্র–ছাত্ৰীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ বিগত সময়ৰ পৰীক্ষাৰ নম্বৰৰ শনিবাৰে ঘোষিত চূড়ান্ত ফলাফলৰ লগত কোনো সামঞ্জস্য নাই।


      কিয়নো তেওঁলোকে পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ তুলনাত চূড়ান্ত ফলাফলত বেছি নম্বৰ পাব লাগিছিল। লক্ষণীয়ভাৱে বহু ছাত্ৰ–ছাত্ৰীৰ নম্বৰটো নাবাঢ়িলেই, বৰং পূৰ্বতকৈ নম্বৰ হ্ৰাসহে পালে। এনে ঘটনাত দুখ আৰু ক্ষোভত ভাগি পৰিছে ছাত্ৰ–ছাত্ৰীৰ লগতে অভিভাৱকসকল। ইফালে একাংশ অভিভাৱক, ছাত্র–ছাত্ৰী আৰু বিদ‍্যালয় কৰ্তৃপক্ষই উচ্চতৰ মাধ‍্যমিক সংসদত সংঘটিত খেলিমেলিৰ বাবে এনে বিসংগতি হোৱা বুলি আঙুলি টোঁৱাইছে। সম্ভাব্য প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত ছাত্র–ছাত্ৰীসকলৰ শিক্ষা সংসদলৈ অনুৰোধ– যাতে তেওঁলোকক ন‍্যায় দিয়া হয়।

      Published by:Gautam Barman
      First published: