দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিক্ষয়ত্ৰী, চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি পদপথত ছাত্ৰ–ছাত্ৰী

মৰমৰ শিক্ষয়ত্ৰীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য  বিচাৰি নগাঁও চহৰৰ পদপথত এজাক ছাত্ৰ-ছাত্ৰীৰ সহায়-ভিক্ষা

News18-Assam
Updated:October 26, 2019, 3:49 PM IST
দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিক্ষয়ত্ৰী, চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি পদপথত ছাত্ৰ–ছাত্ৰী
মৰমৰ শিক্ষয়ত্ৰীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য  বিচাৰি নগাঁও চহৰৰ পদপথত এজাক ছাত্ৰ-ছাত্ৰীৰ সহায়-ভিক্ষা
News18-Assam
Updated: October 26, 2019, 3:49 PM IST
নীলোৎপল বৰা: বিদ্যালয়ৰ এগৰাকী মৰমীয়াল শিক্ষয়ত্ৰী, ছাত্ৰ–ছাত্ৰীয়েও বৰ ভাল পাই শিক্ষয়ত্ৰীগৰাকীক। কিন্তু হৰ্ঠাৎ শিক্ষয়ত্ৰীগৰাকীৰ স্বাস্থ্যৰ ঘটিল ব্যাপক অৱনতি। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া চিকিৎসাধীন হৈ আছে শিক্ষয়ত্ৰী ৰীতা দাস বৰদলৈ। আৰ্থিক ভাবে দুৰ্বল শিক্ষয়ত্ৰীৰ পৰিয়াল এতিয়া ৰীতা দাসৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ অসমৰ্থ। নিজৰ আপোন শিক্ষয়ত্ৰীগৰাকীক কিছু আৰ্থিক ভাবে সহায় কৰিবলৈ ৰাজপথলা ওলাই আহিল বিদ্যালয় খনৰ ছাত্ৰ–ছাত্ৰী।

নগাঁৱৰ এখন ব্যক্তিগত কণিষ্ঠ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শিক্ষয়ত্ৰী ৰীতা দাস বৰদলৈৰ দুয়োটা বৃক্ক বিকল হৈ পৰাৰ বাবে বৰ্তমান চিকিৎসাৰ বাবে প্ৰায় ২০ৰ পৰা ২৫লাখ টকাৰ প্ৰয়োজন। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা শিক্ষয়ত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে তেঁওৰ পৰিয়াল অসমৰ্থ। সেয়েহে তেঁও শিক্ষাদান কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে নগাঁও চহৰৰ বিভিন্ন ঠাইত আৰ্থিক সাহায্য বিচাৰি ৰাজপথলৈ ওলাই আহিছে।

নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে বৰষুণৰ মাজতো পুৱাৰে পৰা সহায় বিচাৰি পদপথত দান-বৰঙণী  সংগ্ৰহ কৰাৰ প্ৰচেষ্টা কৰা দেখা গ'ল। ছাত্ৰ-ছাত্ৰী সকলে মৰমৰ শিক্ষয়ত্ৰী গৰাকীক সহায়ৰ বাবে News18ৰ  অসমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে অসমবাসীকো আহ্বান জনায়।

শিক্ষয়ত্ৰী গৰাকীক সহায় আগবঢ়াব বিচৰা ৰাইজক ভাৰতীয় ষ্টেট বেংকৰ দিগন্ত বৰদলৈৰ একাউণ্ট নং 31917510909(IFSC SBI0000146) ত সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। গুৰু-শিষ্যৰ সম্পৰ্কৰ অৱনতি ঘটাৰ বিভিন্ন বিষয় চৰ্চিত হোৱাৰ সময়তে নগাঁৱৰ এইসকল ছাত্ৰ-ছাত্ৰীৰ গুৰুভক্তিয়ে সকলোকে আকৰ্ষিত কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি