পঢ়ি থকা বিদ্যালয়ত নহয়! ঘৰৰ ওচৰৰ যিকোনো বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব পাঠ, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:September 19, 2020, 1:49 PM IST
পঢ়ি থকা বিদ্যালয়ত নহয়! ঘৰৰ ওচৰৰ যিকোনো বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব পাঠ, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
হোষ্টাল খোলাৰ সন্দৰ্ভতো এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হোষ্টাল খোলাৰ সন্দৰ্ভতো এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • News18 Assam
  • Last Updated: September 19, 2020, 1:49 PM IST
  • Share this:
কোৰোণা মহামাৰীৰ ফলত বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ অৱশেষত অহা ২১ ছেপ্তেম্বৰৰ পৰা আকৌ আৰম্ভ হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতি পালন কৰি বিদ্যালয়লৈ আহিব লাগিব শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী। দুটা ভাগত ভাগ কৰি নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চলিব পাঠদান। কিন্তু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিতি বাধ্যতামূলক নহয়।

শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিশেষ কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী  অভিভাৱকৰ অনুমতি সপেক্ষেহে আহিব পাৰিব। অভিভাৱকে অনুমতি নিদিলে ঘৰতে অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব পাঠ।’

ইফালে হোষ্টাল খোলাৰ সন্দৰ্ভতো এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ অঞ্চলৰ যিকোনো এখন বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলিও শনিবাৰে ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এতিয়া এনে বহু প্ৰত্যাহ্বানৰ মাজেৰে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে কিদৰে পাঠদান গ্ৰহণ কৰিব সেয়া ২১ ছেপ্তেম্বৰৰ পিছতে স্পষ্ট হৈ পৰিব।
Published by: Himangshu Bhuyan
First published: September 19, 2020, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading