নিজৰ আত্মীয়ৰ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক চাজু বৰা।
ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে ১৯৩/২২ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(এ), আৰ ডব্লিউ ছেকচন ৮ পস্কো আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি যুৱ ছাত্ৰ নেতা চাজু বৰাক আজি জেললৈ নিক্ষেপ কৰিছে।
ঘটনাৰ সন্দৰ্ভত কালি নাবালিকাগৰাকীৰ অভিভাৱকে সোণাৰি আৰক্ষী খানাত এখন এজাহাৰ দাখিল কৰাত আজি সোণাৰি আৰক্ষীয়ে ছাত্ৰ নেতাজনক আটক কৰি জে'ললৈ প্ৰেৰণ কৰে। ঘটনাটোৱে সমগ্ৰ সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।