ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনা। একাংশ জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণৰ বলি আনন্দ শৰ্মা নামৰ এজন ছাত্র। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন। ৰাজহাঁড় আৰু মূৰত আঘাত পাইছে ছাত্রজনে। সংকটজনক অৱস্থাত আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰজনক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্রাবাসত সংঘটিত হয় এই ভয়ংকৰ ৰেগিঙৰ ঘটনা। আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত। বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ ছাত্র আনন্দ।
ছাত্ৰজনক ৰেগিঙৰ নামত ওৰেনিশা মাৰপিট কৰি হাত–ভৰি ভাঙি দিয়াৰ অভিযোগ আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীৰ। ছাত্ৰজনৰ দুয়োখন হাতৰ লগতে ভৰি আৰু কঁকাল ভাগি যোৱা বুলি পৰিয়ালক চিকিৎসালয়ে জানিবলৈ দিছে।
ওৰেনিশা ৰেগিঙৰ নামত মাৰপিট কৰি অভিযোগ নিদিবৰ বাবে মদৰ বটল, ভাং হাতত দি জ্যেষ্ঠ ছাত্ৰকেইজনে ফটো তুলি ৰখা বুলি পৰিয়ালে অভিযোগ তুলিছে। পুৱা ছাত্ৰজনক আদিত্য নাৰ্ছিং হোমৰ আই চি ইউত ভৰ্তি কৰাৰ পিছতে পৰিয়ালক স্নানাগাৰত পৰি দুখ পোৱা বুলি হোষ্টেলৰ পৰা জানিবলৈ দিয়ে।
ইফালে, ৰেগিং কাণ্ডৰ লগত জড়িত তিনিজন ছাত্ৰক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। কালি নিশা PNGB হোষ্টেলৰ কোঠাই কোঠাই অভিযান চলাই আটক কৰে প্ৰাণজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক।
মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই যদিও এই মুহূৰ্তলৈকে জালত পৰা নাই ৰাহুল। সমগ্ৰ বিষয়টোত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুক্তভোগী আনন্দ শৰ্মা এতিয়াও সংকতজনক অৱস্থাত চিকিৎসালয়ৰ ICUত ভৰ্তি হৈ আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|