মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হোজাইত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মেট্ৰিক অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

হোজাইত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মেট্ৰিক অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:September 13, 2021, 6:06 PM IST
হোজাইত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মেট্ৰিক অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
হোজাই, লংকা, ডবকা, লামডিং আদি অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত অংশ লৈ চৰকাৰ -প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷

হোজাই, লংকা, ডবকা, লামডিং আদি অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত অংশ লৈ চৰকাৰ -প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷

  • News18 Assam
  • Last Updated: September 13, 2021, 6:06 PM IST
  • Share this:
হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি  দুপৰীয়া জিলাখনৰ কেইবাশতাধিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰথমে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় এক ঘণ্টা সময় প্ৰতিবাদ কৰি ছেবা হায় হায়, অসম চৰকাৰ হায় হয়, আমাক উত্তীৰ্ণ কৰাই দিয়ক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

ইয়াৰ পাছত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নীলবাগান-লংকা সংযোগী ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ ৰাওনা হওঁতেই আৰক্ষী, চিআৰপিএফে বাধা প্ৰদান কৰে ছাত্ৰ–ছাত্ৰীসকলক। সেই বাধা নেওচি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শিক্ষাৰ্থীসকলে। প্ৰতিবাদৰ ফলত কেবাশতাধিক যানজঁট আবদ্ধ হৈ পৰে ৷ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰসৰ ৰ’দত ঘণ্টা ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ–ছাত্ৰীসকলে হয় উত্তীৰ্ণ কৰাই দিয়ক, নহ’লে পুনৰ পৰীক্ষা পতাৰ দাবী উত্থাপন কৰে৷

প্ৰতিবাদস্থলীত প্ৰসৰ ৰ’দ সহ্য কৰিব নোৱাৰি এগৰাকী ছাত্ৰী ঢলি পৰে৷ হোজাই, লংকা, ডবকা, লামডিং আদি অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত অংশ লৈ চৰকাৰ -প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷ প্ৰতিবাদস্থলীত হোজাইৰ অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম উপস্থিত হৈ শিক্ষাৰ্থীসকলক বুজনি দি প্ৰতিবাদ বন্ধ কৰাৰ আহ্বান জনায় যদিও ছাত্ৰ–ছাত্ৰীসকলে ক্ষান্ত নহৈ বহু সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখি পৰৱৰ্তী সময়ত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে৷

অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই কয়- আমাৰ জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে অলপতে ছাত্ৰ–ছাত্ৰীসকলক বুজাই দিছে যে, আমি আপোনালোকৰ দাবীসমূহ ছেবালৈ প্ৰেৰণ কৰিছো। চৰকাৰৰ লগত আলোচনা কৰি সমস্যাসমূহ শীঘ্ৰে সমাধান কৰা হ’ব বুলি আশ্বাস দিছিল৷ কিন্তু শিক্ষাৰ্থীৰ কথা হ'ল সোনকালে তেওঁলোকৰ দাবী মানিব লাগে৷
Published by: Sanjay Kumar Das
First published: September 13, 2021, 6:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি