'কা' বিৰোধী বেজ, ডিঙিত গামোচা লৈ পৰীক্ষাত বহিল কটনিয়ান

News18 Assam | News18-Assam
Updated:January 3, 2020, 3:14 PM IST
'কা' বিৰোধী বেজ, ডিঙিত গামোচা লৈ পৰীক্ষাত বহিল কটনিয়ান
‘আই কষ্টত আছে, সন্তান হিচাপে আমি এইখিনি কৰিব নোৱাৰিম নে?’- কটনিয়ান

‘আই কষ্টত আছে, সন্তান হিচাপে আমি এইখিনি কৰিব নোৱাৰিম নে?’- কটনিয়ান

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অব্যাহত আছে ছাত্ৰ সমাজৰ প্ৰতিবাদ ৷ নিতৌ ন ন গণতান্ত্ৰিক পন্থা অৱলম্বন কৰি আৰম্ভণিৰ পৰাই নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কটনিয়ানে ৷ শুকুৰবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে 'কা'ৰ বিৰোধিতাৰে সাব্যস্ত কৰিলে এই ব্যতিক্ৰমী প্ৰতিবাদ ৷ NO CAA বেজ পৰিধান কৰি ডিঙিত গামোচা লৈ পৰীক্ষা দিবলৈ আহিল ছাত্ৰ-ছাত্ৰী ৷

আজি কটনত অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰি টেষ্ট, স্নাতক আৰু স্নাতকোত্তৰৰ ষান্মাসিকৰ পৰীক্ষা ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত পৰীক্ষাৰ্থীক এই বেজ প্ৰদান কৰি জ্ঞাপন কৰে শুভেচ্ছা ৷ ছাত্ৰ-ছাত্ৰীসকলে News18ক জনোৱা অনুসৰি পৰীক্ষা হ'লেও অসমী আইৰ স্বাৰ্থত তেওঁলোকে সাব্যস্ত কৰি যাব প্ৰতিবাদ ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি