মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হাফপেণ্ট পিন্ধা বাবে নিদিয়ে পৰীক্ষা দিয়াৰ অনুমতি, শিক্ষানুষ্ঠানৰ পৰ্দা মেৰিয়াই পৰীক্ষাত বহিল ছাত্ৰী

হাফপেণ্ট পিন্ধা বাবে নিদিয়ে পৰীক্ষা দিয়াৰ অনুমতি, শিক্ষানুষ্ঠানৰ পৰ্দা মেৰিয়াই পৰীক্ষাত বহিল ছাত্ৰী

News18 Assam | News18-Assam
Updated:September 16, 2021, 8:45 PM IST
হাফপেণ্ট পিন্ধা বাবে নিদিয়ে পৰীক্ষা দিয়াৰ অনুমতি, শিক্ষানুষ্ঠানৰ পৰ্দা মেৰিয়াই পৰীক্ষাত বহিল ছাত্ৰী
বিশ্বনাথৰ পৰা তেজপুৰলৈ পৰীক্ষা দিবলৈ অহা ছাত্ৰীগৰাকীয়ে এই ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে।

বিশ্বনাথৰ পৰা তেজপুৰলৈ পৰীক্ষা দিবলৈ অহা ছাত্ৰীগৰাকীয়ে এই ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে।

  • News18 Assam
  • Last Updated: September 16, 2021, 8:45 PM IST
  • Share this:

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষা দিবলৈ হাফপেণ্ট পিন্ধি অহা বাবে এগৰাকী ছাত্ৰীক পৰীক্ষাত বহিবলৈ অনুমতি নিদিয়াৰ পিছত শিক্ষানুষ্ঠানৰ পৰ্দাৰ কাপোৰ মেৰিয়াই পৰীক্ষা দিয়ে ছাত্ৰীগৰাকীয়ে। আজি পুৱাৰ ভাগত তেজপুৰৰ কুণ্ডুবাৰীস্থিত এটা পৰীক্ষা কেন্দ্ৰত ঘটে এই ঘটনা।


বিশ্বনাথৰ পৰা পিতৃৰ সৈতে বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষা দিবলৈ অহা ছাত্ৰীগৰাকীৰ লগত পৰীক্ষাৰ যাৱতীয় নথিপত্ৰ আছিল যদিও তেওঁক হাফপেণ্ট আৰু টি ছাৰ্ট পৰিধান কৰি থকা অৱস্থাত দেখি পৰীক্ষাঘৰত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল। এই প্ৰসংগত ছাত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ নথিপত্ৰ নোচোৱাকৈ বাহিৰত ৰৈ থাকিবলৈ দিয়ে। পিছত এই বিষয়ে সোধাত কৰ্তৃপক্ষই তেওঁ পিন্ধা কাপোৰৰ প্ৰসংগ উল্লেখ কৰে।


শিক্ষাৰ্থীগৰাকীয়ে এডমিটত এই সম্পৰ্কে কোনো উল্লেখ নথকাৰ কথা প্ৰকাশ কৰে যদিও কৰ্তপক্ষই এয়া সাধাৰণ জ্ঞানৰ কথা বুলি কয়। এনে অৱস্থাত বিবুধিত পৰা ছাত্ৰীগৰাকীয়ে তেওঁৰ অভিভাৱকৰ সৈতে কৰ্তৃপক্ষক কথা পতাই দিয়াৰ চেষ্টা কৰে যদিও কৰ্তৃপক্ষই অভিভাৱকৰ সৈতে কোনো কথা পাতিবলৈ ইচ্ছা কৰা নাছিল।



শেষত ছাত্ৰীগৰাকীৰ দেউতাকৰ অনুৰোধৰ পিছতো একো সমাধান নোলোৱাত তেওঁ জীয়াৰীৰ বাবে পুনৰ টাউনলৈ গৈ এটি লংপেণ্ট কিনি আনে। অৱশ্যে খন্তেক সময় পিছতে শিক্ষানুষ্ঠানখনৰ দুগৰাকী ছাত্ৰীয়ে তেওঁক হাফপেণ্টৰ ওপৰত শিক্ষানুষ্ঠানখনৰ পৰ্দা মেৰিয়াই পৰীক্ষাত বহিবলৈ কয় আৰু সেইদৰে তেওঁ প্ৰৱেশ পৰীক্ষাত ২০ মিনিট পলমকৈ বহে।


 

উল্লেখ্য, পৰীক্ষাৰ্থী ছাত্ৰীগৰাকীৰ মতে এডমিট কাৰ্ডত পিন্ধনক লৈ কোনো কথাৰ উল্লেখ কৰা হোৱা নাই, তেনেস্থলত তেওঁ সেই বিষয়ে বিশেষ নভবাকৈয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ আহিছিল। অৱশেষত পৰীক্ষাৰ্থীগৰাকীয়ে পৰীক্ষাত অংশ লয় যদিও পিন্ধা কাপোৰক লৈ অনাহূত পৰিস্থিতিৰ সন্মুখীন হোৱাত আশ্চৰ্য প্ৰকাশ কৰে আৰু কৰ্তৃপক্ষৰ প্ৰতি মানসিক নিৰ্যাতনৰ অভিযোগ তোলে। এই ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰাজ্যত।

Published by: Gautam Barman
First published: September 16, 2021, 8:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি