মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰধ্যাপক ড০ ডম্বৰুধৰ নাথক নিযুক্তি দিয়াৰ পিছতেই এতিয়া চৰ্চালৈ আহিছে অধ্যাপক গৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ ছাত্ৰীয়ে ২০১৬ চনত উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগ। ড০ ডম্বৰুধৰ নাথে প্ৰেমৰ বিনিময়ত পৰীক্ষাত নম্বৰ দিয়াৰ প্ৰলোভন দেখুওৱাৰ অভিযোগ তুলি ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয় পঞ্জীয়কক দাখিল কৰিছিল এখন অভিযোগ পত্ৰ। অভিযোগ পত্ৰত ছাত্ৰীগৰাকীয়ে লিখিছিল- ‘অধ্যাপক নাথে মোক বিভিন্ন ধৰণৰ পৰীক্ষা সম্পৰ্কীয় প্ৰলোভন দেখুৱাই মানসিক ভাৱে নিৰ্যাতন চলাই আহিছে।২০১৬ চনৰ অক্টোবৰ মাহৰ ১৩ তাৰিখৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা শিশু বিজ্ঞান সমাৰোহলৈ গৈ থাকোতে ছাত্ৰীগৰকাীক ৰাস্তাত লগ পাই পঢ়াৰ খবৰ লোৱাৰ চলেৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল অভিযুক্ত অধ্যাপক ড০ ডম্বৰুধৰ নাথে । লগতে দিনটোত বিভিন্ন সময়ত, লগতে ৰাতিও কেইবাবাৰো ফোন কৰি ছাত্ৰীগৰকীক তেওঁৰ প্ৰস্তাৱ মানি লবলৈ জোৰ কৰিছিল অধ্যাপকগৰাকীয়ে । তেওঁৰ লগত কথা পাতিবলৈ ছাত্ৰীগৰকাীক কেবিনলৈ মাতিছিল। তেওঁৰ লগত কেবিনত সময় পাৰ কৰাৰ বিনিময়ত তেওঁ মোক এম ফিল, পি এইছ ডি ডিগ্ৰীৰ লগতে এম এ ডিগ্ৰী ভাল নম্বৰেৰে উত্তীৰ্ণ হ’ব বুলি কৈছিল।’
সেই সময়ত এই অভিযোগক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰচৰা উত্তাল হৈছিল। এই অভিযোগ উঠাই ল’বলৈ ছাত্ৰীগৰাকীক বহুতে হেঁচা প্ৰয়োগো কৰিছিল। কিন্তু কোনো ভয় ভাবুকিলৈ কুণ্ঠাবোধ নকৰাত পিছত অধ্যাপক গৰকীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্ধৰ্ভত এখন তদন্ত কমিটি গঠন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আৰু তদন্ত কমিটিৰ গুৰু দায়িত্ব অৰ্পন কৰে বিশ্ববিদ্যালয় খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱাক। কিন্তু সেইসময়তে তাৎপৰ্যপূৰ্ণ ভাবে স্বাস্থ্যগত কাৰণৰ দোহাই দি অধ্যাপক নাথে পদৰ পৰা অব্যাহতি বিচাৰি বিশ্ববিদ্যালয়ক আবেদন জনাই।পিছত ড০ ডম্বৰুধৰ নাথৰ আবেদন বিশ্ববিদ্য়ালয়ে অনুমোদনো জনায়।

তদন্ত কমিটিৰ গুৰু দায়িত্ব অৰ্পন কৰা বিশ্ববিদ্যালয়ৰ যৌন নিৰ্য্যাতন সম্পৰ্কীয় অভিযোগৰ বিচাৰ কৰা কমিটীৰ সদস্যা ড০ পল্লৱী ডেকা বুজৰবৰুৱায়ো কিন্তু ছাত্ৰীগৰকাীক ন্যায় প্ৰদানৰ পৰিৱৰ্তে ড০ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে অনা যৌন নিৰ্য্যাতনৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈহে বাৰম্বাৰ হেঁচা দিয়াৰ অভিযোগ আনে ছাত্ৰীগৰাকীয়ে।আনকি ড০ পল্লৱী ডেকা বুজৰবৰুৱাই ছাত্ৰীগৰাকীক
“ছাৰে অৱসৰ ল’লে যেতিয়া মই এতিয়া ইমানতে সন্তুষ্ট আৰু তেওঁক একো শাস্তি দিব নালাগে” বুলি ১১ এপ্ৰিল, ২০১৭ লিখিত ৰূপত দিবলৈ জোৰ কৰে ভুক্তভূগী ছাত্ৰীগৰকাীক। কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ২৬-০৪-১৭ তাৰিখে অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱালৈ এখন পত্ৰ লিখি অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ কৰা অনুৰোধ ৰাখিবলৈ অপাৰগতা প্ৰকাশ কৰে

অসম প্ৰদেশ যুৱ কংগ্ৰেছে মঙলবাৰে ৰাজীৱ ভৱনত সম্বোধন কৰা এখন সংবাদমেলত ড০ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ অভিযোগ থকা বুলি দাঙি ধৰোতে প্ৰদৰ্শন কৰা নথি-পত্ৰৰ প্ৰতিলিপিত পোহৰলৈ আহে এই কথা।
যৌন নিৰ্য্যাতন সম্পৰ্কীয় অভিযোগৰ বিচাৰ কৰা কমিটীখনৰ সদস্যা তথা অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱাৰ এই কাণ্ডই এতিয়া হতচকিত কৰিছে বহুতকে। ন্যায়ৰ কোনো ধৰণৰ ব্যৱস্থা নকৰি অভিযুক্ত অধ্যাপকৰ পক্ষলৈ অধ্যাপিকা গৰাকীয়ে কৰা আচৰণে এতিয়া বিশ্ববিদ্যালয়খনত অধ্যায়ন কৰি থকা ছাত্ৰীসকলৰ প্ৰতি তেওঁৰ দায়িত্ববোধ কিমান, সেই প্ৰশ্নৰো আৱতাৰণা কৰিছে বহুতৰে মনত।
Published by: Dulu Medhi
FIRST PUBLISHED : June 05, 2019, 10:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|