অমায়িক স্বভাৱৰ ছাত্ৰজন যোৱা ১১ মে’ত ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল যদিও আজিপৰ্যন্ত ঘৰ আহি নাপালে৷
অমায়িক স্বভাৱৰ ছাত্ৰজন যোৱা ১১ মে’ত ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল যদিও আজিপৰ্যন্ত ঘৰ আহি নাপালে৷
শিৱসাগৰ জিলাৰ নাজিৰা বিহুবৰ অঞ্চলৰ এজন ছাত্ৰ যোৱা ১২ মে’ৰ পৰা সন্ধানহীন হোৱা খবৰে অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গেলেকী দ্বিন্নী মাদ্ৰাছাত অধ্যয়নৰত ছাত্ৰ মহম্মদ চিৰাজুল ৰহমান সন্ধানহীন হোৱাত ভাগি পৰিছে পৰিয়ালৰ লোক৷ অমায়িক স্বভাৱৰ ছাত্ৰজন যোৱা ১১ মে’ত ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল যদিও আজিপৰ্যন্ত ঘৰ আহি নাপালে৷ যাৰ বাবে চিন্তাত পৰিছে পৰিয়ালৰ লোক৷ ছাত্ৰজনৰ দেউতাকৰ লগতে পৰিয়ালৰ লোকে বহু বিচাৰ–খোচাৰ কৰাৰ পিছতো একো সূংসূত্ৰ পোৱা নাই ছাত্ৰজনৰ৷ বিহুবৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে পৰিয়ালৰ লোকে৷ যদি কোনো লোকে ছাত্ৰজনৰ সম্ভেদ পাই তেনহ’লে 7099604995 নম্বৰত যোগাযোগ কৰিবলৈ ছাত্ৰজনৰ দেউতাকে আহ্বান জনাইছে৷
ইফালে, যোৱা ১৩ মে’ৰ পৰা সন্ধানহীন হৈ আছে চন্টক অঞ্চলৰ আন এজন বয়োজেষ্ঠ ব্যক্তি৷ পোনাকণ তামুলী নামৰ ব্যক্তিজনে পৰিয়ালৰ লোকে গম নোপোৱাকৈ ঘৰৰ পৰা ওলাই আহিছিল৷ প্ৰতক্ষ্যদৰ্শীৰ মতে, ঘৰৰ ওচৰৰ পৰা এখন ডাম্পাৰত উঠি শিমলুগুৰি ৰে’ল জংচনত নামিছিল লোকজন৷ কিন্তু আজি পৰ্যন্ত লোকজনৰ কোনো খবৰ নোপোৱাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাৰ লগতে শিমলুগুৰি ৰে’লৱে আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে সন্ধানহীন ব্যক্তিজনৰ ক্ষেত্ৰত তদন্ত আৰম্ভ কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|