অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল অসমৰ ছাত্ৰ নেতাৰ

News18 Assam | News18-Assam
Updated:December 30, 2019, 12:39 PM IST
অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল অসমৰ ছাত্ৰ নেতাৰ
গুৰুতৰভাৱে আহত ক্ৰমে মনোৰঞ্জন মৰাণ, হিমাংশু গোহাঁই আৰু নয়নজ্যোতি দহোটীয়া৷ সংকটজনক অৱস্থাত তিনিজনকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়৷

গুৰুতৰভাৱে আহত ক্ৰমে মনোৰঞ্জন মৰাণ, হিমাংশু গোহাঁই আৰু নয়নজ্যোতি দহোটীয়া৷ সংকটজনক অৱস্থাত তিনিজনকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়৷

  • News18 Assam
  • Last Updated: December 30, 2019, 12:39 PM IST
  • Share this:
অৰুণাচল প্ৰদেশৰ নামচাইত যোৱানিসা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত অসমৰ এজন ছাত্ৰ নেতাৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন ছাত্ৰ নেতা গুৰুতৰভাৱে আহত হয়৷ নিহত ছাত্ৰনেতাজন মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক পল্লৱজ্যোতি মৰাণ।

গুৰুতৰভাৱে আহত ক্ৰমে মনোৰঞ্জন মৰাণ, হিমাংশু গোহাঁই আৰু নয়নজ্যোতি দহোটীয়া৷ সংকটজনক অৱস্থাত তিনিজনকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়৷ এখন এল্ট’ গাড়ীয়ে নামচাইৰ পৰা কাকপথাৰলৈ আহি থকা অৱস্থাত নামচাইৰ অৰুণাচল বিশ্ববিদ্যালয়ৰ সন্মুখত এখন ধান অনা ট্ৰেক্টৰত খুণ্ডা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি