নগাঁৱৰ বিদ্যালয়ত ছাত্ৰৰ মৃতদেহ, উচিত তদন্ত বিচাৰি বিদ্যালয়ৰ চৌহদত মাতৃৰ কান্দোন

বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ জনক হত্য়া কৰাৰ অভিযোগ।
বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ জনক হত্য়া কৰাৰ অভিযোগ।
- News18 Assam
- Last Updated: February 17, 2020, 11:13 AM IST
ইফালে ছাত্ৰজনৰ মৃত্যুত এতিয়া ৰহস্যৰ গোন্ধ পাইছে অঞ্চলবাসীয়ে। ঘটনাৰ উচিত তদন্ত বিচাৰি বিদ্যালয়ৰ চৌহদত মাতৃৰ কান্দোন। বৰ্তমান উত্তপ্ত হৈ পৰিছে বিদ্যালয়ৰ চৌহদ। বিদ্যালয়ৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৰাইজে ঘেৰাও কৰিছে বিদ্যালয়ৰ চৌহদ। ইতিমধ্যে বিদ্যালয়খনত উপস্থিত হৈছে ফৰেনছিক দল।
কিন্তু এতিয়া ৰহস্যজনক ভাবে বিদ্যালয় বিন্ধ ৰখা হৈছে বিদ্যালয়খন। বিদ্যালয়ৰ স্বত্বাধিকাৰী মুনিন্দ্ৰ শইকীয়াই বন্ধ কোঠাত দিগন্তক শাৰীৰিক নিৰ্যাতন চলাইছিল বুলি সন্দেহ কৰা হৈছে। এতিয়াও উদ্ধাৰ কৰা হোৱা নাই মৃত ছাত্ৰজনৰ স্কুলবেগ আৰু জোটা। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে আৰক্ষী। এতিয়া আৰক্ষীৰ তদন্ততে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।