দীপাৱলীৰ মাজতে ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা, কম্পিউটাৰ কেন্দ্ৰৰ বাথৰুমত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:November 15, 2020, 11:14 AM IST
দীপাৱলীৰ মাজতে ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা, কম্পিউটাৰ কেন্দ্ৰৰ বাথৰুমত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
দীপাৱলী উপলক্ষে বন্ধ আছিল কম্পিউটাৰ কেন্দ্ৰটো।

দীপাৱলী উপলক্ষে বন্ধ আছিল কম্পিউটাৰ কেন্দ্ৰটো।

  • News18 Assam
  • Last Updated: November 15, 2020, 11:14 AM IST
  • Share this:
পোহৰৰ উৎসৱ দীপাৱলীৰ মাজতে ৰঙিয়াৰ হাইৱে’ চকত চাঞ্চল্যকৰ ঘটনা। এ আই আই টি কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্র চেলিম আলীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কেন্দ্ৰটোত। ৰঙিয়াৰ বনগাঁৱত ঘৰ চেলিম আলীৰ। কম্পিউটাৰ কেন্দ্ৰটোৰ শৌচাগাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ।

দীপাৱলী উপলক্ষে বন্ধ আছিল কম্পিউটাৰ কেন্দ্ৰটো। অন্য এজন ছাত্ৰই কম্পিউটাৰ কেন্দ্ৰটোলৈ অহাৰ সময়তে প্ৰত্যক্ষ কৰে মৃতদেহটো। ডিঙিত চিপ লোৱা অৱস্থাত আছিল যদিও শৌচাগাৰৰ ভিতৰত পৰি আছিল মৃতদেহটো। পৰিয়ালৰ সন্দেহ, হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে হত্যাকাৰীয়ে। এই ঘটনাই সমগ্ৰ নগৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: November 15, 2020, 11:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading