নীমচিং পানমেৰ মৃত্যুৰ আঁৰত কি? কিয় ছাত্ৰাবাসৰ ছাঁদৰ পৰি জপিয়াইছিল পানমেই?

News18 Assam | News18-Assam
Updated:September 15, 2020, 7:25 PM IST
নীমচিং পানমেৰ মৃত্যুৰ আঁৰত কি? কিয় ছাত্ৰাবাসৰ ছাঁদৰ পৰি জপিয়াইছিল পানমেই?
ছাত্ৰগৰাকীৰ মৃত্যুৱে স্বাভাৱিকতে সৃষ্টি কৰিছে বহু প্ৰশ্নৰ৷ ঘটনাক লৈ ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷

ছাত্ৰগৰাকীৰ মৃত্যুৱে স্বাভাৱিকতে সৃষ্টি কৰিছে বহু প্ৰশ্নৰ৷ ঘটনাক লৈ ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷

  • News18 Assam
  • Last Updated: September 15, 2020, 7:25 PM IST
  • Share this:
ৰহস্যঘন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ নীমচিং পানমেই মৃত্যুৰ ঘটনা৷ নীমচিং পানমেৰ মৃত্যু দুৰ্ঘটনা নে আত্মহত্যা? সেয়া এক বৃহৎ প্ৰশ্ন৷ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ ছাত্ৰাৱাসত উদ্ধাৰ হৈছিল ছাত্ৰগৰাকীৰ মৃতদেহ৷ নীমচিং পানমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অন্তিম ষান্মাসিকৰ ছাত্ৰ আছিল৷ ডিমা হাচাওৰ মাহুৰৰ মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই সতীৰ্থই৷

চিকিৎসা মহাবিদ্যালয়খনৰ চতুৰ্থ ছাত্ৰাবাসৰ ১১৩নং কোঠাৰ আবাসী আছিল পানমে৷ ছাত্ৰগৰাকীৰ মৃত্যুৱে স্বাভাৱিকতে সৃষ্টি কৰিছে বহু প্ৰশ্নৰ৷ ঘটনাক লৈ ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷ ইতিমধ্যে GMCH সম্পন্ন হৈছে ছাত্ৰ গৰাকীৰ মৰোণোত্তৰ পৰীক্ষা৷ পৰীক্ষাৰ প্ৰতিবেদনত হয়তো বহু কথা স্পষ্ট হ’ব৷ অৱশ্যে ইয়াৰ মাজতে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ মন্তব্য – নিচাসক্ত অৱস্থাত আছিল ছাত্ৰজন৷ অধিক নিচা সেৱন কৰাৰ বাবে সংঘটিত হ’ব পাৰে দুৰ্ঘটনা ৷

ইপিনে ছাত্ৰগৰাকী তৃতীয় বৰ্ষৰ ফলাফল ভাল নাছিল৷ যাৰ বাবে মানসিকভাৱে ভাগি জীৱনৰ চৰম সিদ্ধান্ত ল’ব পাৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই সকলোবোৰ আৰক্ষীৰ তদন্তই স্পষ্ট কৰিব বুলি মন্তব্য কৰে অধীক্ষকগৰাকীয়ে ৷ উল্লেখযোগ্য যে পৰিয়ালৰ লোকে এই মূহুৰ্তলৈ কোনো অভিযোগ দাখিল কৰা নাই আৰক্ষীৰ ওচৰত।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 7:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading