ধুবুৰীত বিদ্যালয়ত মধ্যাহ্ন ভোজন ৰান্ধি থকাৰ সময়তে উতলা দাইলৰ কেৰাহীত পৰিল এটি শিশু৷ ফলত গুৰুতৰভাৱে আহত হয় শিশুটি। গুণোৎসৱ চলি থকাৰ সময়তে গৌৰীপুৰ শিক্ষা খণ্ডৰ মাজেৰ আলগা চতুৰ্থ খণ্ড এল পি স্কুলত সংঘটিত হয় এই ঘটনা।
দুপৰীয়াৰ আহাৰ খাবলৈ গৈ এদল ছাত্ৰ- ছাত্ৰীয়ে ৰন্ধনী ঘৰত প্ৰৱেশ কৰিছিল। দুগৰাকীকৈ ৰান্ধনীয়ে প্ৰস্তুত কৰি আছিল মধ্যাহ্ন ভোজনৰ আহাৰ। সেই সময়ত এদল ছাত্র-ছাত্ৰীয়ে খাদ্য বিচাৰি ঠেলা–হেঁচা আৰম্ভ কৰে। ঠেলা-হেঁচাৰ বাবে মিজানুৰ ৰহমান নামৰ ৮ বছৰীয়া ছাত্রজন উতলা দাইলৰ কেৰাহীত পৰি যায়।
তাৰ পাছতেই এক হুৱাদুৱাৰ সৃষ্টি হয়।আহত ছাত্ৰজনক ততালিকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অভিযোগ অনুসৰি, ৰন্ধন ঘৰটোত আন দিনাৰ দৰেই আজিও এদল ছাত্র ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ মাতি নিছিল ৰান্ধনীয়ে। সেই সময়তে এই ঘটনা সংঘটিত হয়।
অভিযোগ অনুসৰি, বিদ্যালয়খনত ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাথোঁ ২০–২৫খন থালি। যাৰ বাবে ৰন্ধন ঘৰত ২০–২৫ জনকৈ ছাত্র ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ দিয়া হয়। ফলত প্ৰতিদিনে ছাত্র-ছাত্ৰীৰ মাজত আৰম্ভ হয় ঠেলা–হেঁচা।
আজিও প্ৰথম গ্ৰুপত খাবৰ বাবে আৰম্ভ হোৱা ঠেলা–হেঁচাৰ ফলতে শিশু ছাত্ৰজন গৰম দাইলৰ কেৰাহীত পৰি যায়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কৰিম শ্বেখৰ অৱহেলাৰ বাবে এই অৱাঞ্চিত ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|