তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা, স্কুটী–বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ

News18 Assam | News18-Assam
Updated:January 5, 2020, 8:04 AM IST
তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা, স্কুটী–বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ
নিহত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ পল্লৱৰ ঘৰ বাম-পৰ্বতীয়াত৷ মুঢ়াতেতেলীত সংঘটিত হয় এই দুৰ্ঘটনাটো।

নিহত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ পল্লৱৰ ঘৰ বাম-পৰ্বতীয়াত৷ মুঢ়াতেতেলীত সংঘটিত হয় এই দুৰ্ঘটনাটো।

  • Share this:
তেজপুৰত নিশা মটৰচাইকেল আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় মটৰচাইকেল চালক পল্লৱ শইকীয়া৷ নিহত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ পল্লৱৰ ঘৰ বাম-পৰ্বতীয়াত৷ মুঢ়াতেতেলীত সংঘটিত হয় এই দুৰ্ঘটনাটো।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে স্কুটী চালক টিংকু ডেকা৷ আহত টিংকুৰ ঘৰ ঊষানগৰত৷ সম্প্ৰতি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত টিংকু৷ আনহাতে, এই দুৰ্ঘটনাত প্ৰদীপ হাজৰিকা নামৰ এজন পথচাৰীও আহত হয়৷ পেছাত গাড়ীৰ হেণ্ডিমেন পথচাৰীজনৰ ঘৰ জয়মতী পথাৰত৷ তেওঁক কনকলতা অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি