உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জন্মদিনৰ দিনাই অকাল মৃত্যু ছিপাঝাৰৰ মেধাৱী ছাত্ৰৰ, জন্মদিন পালন কৰি উভতি আহোতে মহতিয়াই নিলে ট্ৰাকে

    জন্মদিনৰ দিনাই অকাল মৃত্যু ছিপাঝাৰৰ মেধাৱী ছাত্ৰৰ, জন্মদিন পালন কৰি উভতি আহোতে মহতিয়াই নিলে ট্ৰাকে

    ছিপাঝাৰৰ ভুক্তাবাৰী গাঁৱৰ তপন কলিতা আৰু চন্দ্ৰপ্ৰভা কলিতাৰ একমাত্ৰ পুত্ৰ চান কলিতা।

    ছিপাঝাৰৰ ভুক্তাবাৰী গাঁৱৰ তপন কলিতা আৰু চন্দ্ৰপ্ৰভা কলিতাৰ একমাত্ৰ পুত্ৰ চান কলিতা।

    ছিপাঝাৰৰ ভুক্তাবাৰী গাঁৱৰ তপন কলিতা আৰু চন্দ্ৰপ্ৰভা কলিতাৰ একমাত্ৰ পুত্ৰ চান কলিতা।

    • Share this:
    নিজৰ জন্মদিনটোতে অকাল মৃত্যুক সাবটিলে ছিপাঝাৰৰ এজন মেধাৱী ছাত্ৰই। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ’ল গুৱাহাটীৰ ডাউন টাউন ইউনিভাৰ্ছিটীৰ ছাত্ৰৰ। ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰৈত ট্ৰাকৰ চেপাত মৃত্যু হ’ল ছাত্ৰজনৰ। বুধবাৰে ছিপাঝাৰত সংঘটিত হ’ল শোকাৱহ পথ দুৰ্ঘটনা।

    ১৬ ফেব্ৰুৱাৰীত জন্মদিন আছিল ছিপাঝাৰৰ মেধাৱী ছাত্ৰ চান কলিতাৰ। ২০ বছৰীয়া চান কলিতাই বন্ধুবৰ্গৰ লগত জন্মদিন পালন কৰি  সন্ধিয়া প্ৰায় ৬ মান বজাত ওলাই গৈছিল মাৰৈলৈ। সন্ধিয়া‍ মাৰৈৰ পৰা ঘূৰি আহোতেই একে দিশৰ পৰা অহা তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে ছাত্ৰজনক।

    ছিপাঝাৰৰ ভুক্তাবাৰী গাঁৱৰ তপন কলিতা আৰু চন্দ্ৰপ্ৰভা কলিতাৰ একমাত্ৰ পুত্ৰ চান কলিতা। AS 01 DW 7801 নম্বৰৰ KTM বাইকখনেৰে ঘৰলৈ উভতি অহাৰ সময়তেই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ অভিমুখী NL-01 K-2687 নম্বৰৰ মালভৰ্তি ট্ৰাকখনে মহাতিয়াই নিয়ে ছাত্ৰজনক।

    গুৱাহাটী ডাউন টাউন ইউনিভাৰ্ছিটীৰ মেধাৱী ছাত্ৰ আছিল চান কলিতা। দ্বিতীয় সন্মাসিকৰ ৰেডিঅ’ লজিষ্টৰ ছাত্ৰ আছিল চান কলিতা। ছিপাঝাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।  দুৰ্ঘটনা সংঘটিত কৰা NL-01 K-2687 নম্বৰৰ মালভৰ্তি ট্ৰাক খন জব্দ কৰিছে ছিপাঝাৰ আৰক্ষীয়ে। মেধাৱী ছাত্ৰজনৰ মৃত্যুৱে সমগ্ৰ ছিপাঝাৰত শোকৰ ছাঁ পেলাইছে।
    Published by:Sanjay Kumar Das
    First published: