মুখ্যপৃষ্ঠা »খবৰ »অসম »বনভোজলৈ যোৱাৰ অনুমতি নাপাই অভিমানী ছাত্ৰীয়ে ল'লে চৰম সিদ্ধান্ত, নুনমাটিত চাঞ্চল্য

বনভোজলৈ যোৱাৰ অনুমতি নাপাই অভিমানী ছাত্ৰীয়ে ল'লে চৰম সিদ্ধান্ত, নুনমাটিত চাঞ্চল্য

এই ঘটনাক ৰহস্যজনক আখ্যা দিছে অঞ্চলটোৰ একাংশ লোকে।

এই ঘটনাক ৰহস্যজনক আখ্যা দিছে অঞ্চলটোৰ একাংশ লোকে।

  • Share this:
বনভোজক কেন্দ্ৰ কৰি গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকোৱেৰীৰ বিষ্ণু নগৰত সংঘটিত হয় এক কৰুণ ঘটনা। সমনীয়াৰ সৈতে বনভোজ খাবলৈ যোৱাৰ বাবে স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী ভায়োলিনা শইকীয়াই পিতৃৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু পিতৃয়ে মানা কৰাত অভিমানী ছাত্ৰীগৰাকীয়ে বাছি লয় চৰম পথ (Student committed suicide)।

নিজ ঘৰৰ কোনো নথকাৰ সুযোগত বাথৰুমত চিপ লৈ আত্মহত্যা (Suicide) কৰে ছাত্ৰী ভায়োলিনাই। সন্ধিয়া পিতৃয়ে ঘৰলৈ আহি ছাত্ৰীগৰাকীৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰে।  বনভোজ (picnic) খাবলৈ যাব নিদিয়াৰ বাবে আত্মহননৰ পথ বাছি লোৱা ছাত্ৰীগৰাকীৰ মৃত্যুৱে শোকাকুল কৰি তুলিছে পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়াক।

উল্লেখ্য, হাতীশিলালৈ সমনীয়াৰ সৈতে পিকনিকৰ বাবে যাবলৈ যো-জা চলোৱা ভায়োলিনাই অনুমতি নোপোৱাৰ পিছত সমনীয়াসকলেও বাতিল কৰে পিকনিক। হয়তো সেই কথাতো আহত হয় ছাত্ৰীগৰাকী। ঘটনাটোত হতভম্ব হৈ পৰা পৰিয়ালটোৱে নুনমাটি থানাত (Noonmati police station) খবৰ দিয়াৰ পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। আনহাতে এই ঘটনাক ৰহস্যজনক আখ্যা দিছে অঞ্চলটোৰ একাংশ লোকে।

শেহতীয়া বাতৰি