ম'বাইল কাৰোবাৰ বাবে এতিয়া আসক্তি, কাৰোবাৰ বাবে প্ৰয়োজন। ইয়াৰ মাজতে ম'বাইল গেমৰ আসক্তিয়ে মাতি আনিছে বিপদ। বৰপেটা জিলাৰ (Barpeta) সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা গাঁৱত দশমমান শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে ম'বাইল গেম খেলিবলৈ নাপায় যি কাণ্ড সংঘটিত কৰিলে, সি এতিয়া প্ৰতিগৰাকী অভিভাৱককে উদ্বিগ্ন কৰি তুলিছে (Student commits suicide for Mobile Game)।
সৰভোগৰ দশম শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামে দিনে-ৰাতি সদায় মোবাইলত FREE FIRE গেম খেলি থকা প্রত্যক্ষ কৰে পৰিয়ালৰ লোকে। ৰাতি ৩/৪ বজালৈ গেম খেলি থকা কাৰণে ঘৰৰ লোকে বাধা দিয়ে যদিও আওকাণ নকৰে ছানিদুল ইছলামে।
কিন্তু ছানিদুল ইছলাম অতিমাত্ৰা খঙাল আছিল। কালি ৰাতি ছাত্ৰজনক নিজ ঘৰৰ পিছফালে গছত চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰে ঘৰৰ লোকে। গেম খেলি থকাত বাধা দিয়াৰ বাবে এই পথ বাছি লোৱা বুলি সন্দেহ কৰে পৰিয়ালৰ লোকে। ছানিদুল ইছলামৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰাৰ লগতে জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক শোকাকুল পৰিৱেশ দেখা গৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : June 08, 2022, 15:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।