যোৰহাটত কণমানি ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ শিক্ষয়িত্ৰীৰ, সমগ্ৰ দেহত এচাৰিৰ কোব

News18 Assam | News18-Assam
Updated:November 28, 2019, 10:08 AM IST
যোৰহাটত কণমানি ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ শিক্ষয়িত্ৰীৰ, সমগ্ৰ দেহত এচাৰিৰ কোব
এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ বলিয়াগোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত।

এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ বলিয়াগোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত।

  • News18 Assam
  • Last Updated: November 28, 2019, 10:08 AM IST
  • Share this:
এজনী কণমানি ছাত্ৰী। অভিভাৱকে ছাত্ৰীগৰাকীক লৈ আনিছে চিকিৎসকৰ ওচৰলৈ। কণমানিজনীক চিকিৎসালয়লৈ অনাৰ কাৰণ কি জানেনে? কাৰণ হ’ল বিদ্যালয়ত পাঠদানৰ সময়ত ছাত্ৰীগৰাকীক এচাৰিৰে কোবাইছিল শিক্ষয়িত্ৰীয়ে। ছাত্ৰীগৰাকীৰ কোমল শৰীৰটোৱে সহ্য কৰিব নোৱাৰিলে এচাৰিৰ কোব। আৰু অৱশেষত আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক অভিভাৱকে লৈ আনিবলগা হ’ল চিকিৎসালয়লৈ।

এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ বলিয়াগোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। বুলুমণি নেওগ নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰায়ে কণ কণ ছাত্ৰ–ছাত্ৰীক এইদৰে শাস্তি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি