• Home
  • »
  • News
  • »
  • assam
  • »
  • Chirang Resort Incident : চিৰাঙৰ বিলাসী ৰিজ’ৰ্টৰ ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, হাগ্ৰামা মহিলাৰীৰ পত্নীৰ মালিকানাধীন আছিল এই ৰিজ'ৰ্ট

Chirang Resort Incident : চিৰাঙৰ বিলাসী ৰিজ’ৰ্টৰ ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, হাগ্ৰামা মহিলাৰীৰ পত্নীৰ মালিকানাধীন আছিল এই ৰিজ'ৰ্ট

 বিলাসী ৰিজ'ৰ্টখনত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ, প্ৰশাসনে ব্যৱস্থা নল’লে আন্দোলনৰ হুংকাৰ এৱছুৰ ৷

বিলাসী ৰিজ'ৰ্টখনত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ, প্ৰশাসনে ব্যৱস্থা নল’লে আন্দোলনৰ হুংকাৰ এৱছুৰ ৷

বিলাসী ৰিজ'ৰ্টখনত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ, প্ৰশাসনে ব্যৱস্থা নল’লে আন্দোলনৰ হুংকাৰ এৱছুৰ ৷

  • Share this:
চিৰাঙৰ বিলাসী ৰিজ’ৰ্টৰ ভাইৰেল ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পত্নীৰ মালিকানাধীন বাথৌ খেৰাই ৰিজ’ৰ্টত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্যামঠাইবাৰীত থকা বিলাসী ৰিজ’ৰ্টখনত (Bathou Kherai Family Resort) অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। নিশা সঘনাই নৃত্য–গীতৰ পাৰ্টী আৰু মদৰ আড্ডাথলীত পৰিণত হৈছে ৰিজ’ৰ্টখন।

যোৱা ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা উপলক্ষে ৰিজ’ৰ্ট খনত নিশা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত যুৱতীৰ শ্লীলতাহানিৰ এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সচেতন মহলত।

মদৰ ৰাগীত মাতাল একাংশ যুৱক–যুৱতীয়ে গীতৰ তালে তালে কৰা উদ্দাম নৃত্যৰ মাজতে যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা চলোৱা দৃশ্যই সচেতন মহলক ভবাই তুলিছে। ইতিমধ্যে এবছুকে ধৰি বিভিন্ন দল–সংগঠনে বিলাসী ৰিজ’ৰ্টখনত সংঘটিত ঘটনাক তীব্ৰ গৰিহণা দিয়ে। এবছুৰ অভিযোগ নিশা ৰিজ’ৰ্টখনত দুপৰলৈ উচ্চ শব্দৰে গীত নৃত্য পৰিৱেশনৰ লগতে মদ, ড্ৰাগছ আদিৰ অবাধ প্ৰচলনৰ ফলত সমগ্ৰ অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে।

বৃহস্পতিবাৰে চিৰাং জিলা এবছুৱে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি ৰিজ’ৰ্ট খনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে যুৱচামক বিপথে পৰিচালিত কৰি পৰিৱেশ বিনষ্ট কৰি তোলাৰ বিৰুদ্ধে কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰি ৰিজ’ৰ্ট খনত অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবী জনায়। জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে কাৰ্য ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় সংগঠনটোৱে। ইফালে অতি শীঘ্ৰেই প্ৰশাসনে ৰিজ’ৰ্টখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সংগঠনটোৱে। 
Published by:Gautam Barman
First published: